অসম লাইভ ২৪ঃ পুনৰ মিনি লকডাউনৰ দিশে দেশ৷ বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ৷ বৃহস্পতিবাৰে দেশৰ ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২৬৩ ৰ ঘৰ স্পৰ্শ কৰে অমিক্ৰণ আক্ৰান্তৰ সংখ্যাই৷ অমিক্ৰণৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰে এক পৰ্যালোচনা বৈঠক৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি কোভিডৰ নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ বৰদিন আৰু নৱবৰ্ষ উদযাপনতো নিষেধাজ্ঞা আৰোপ দিল্লী প্ৰশাসনৰ৷ উৎসৱৰ বতৰত জনসমাগমতো বাধা আৰোপ কৰিছে প্ৰশাসনে৷ দিল্লী আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত হৈছে অমিক্ৰণত৷ অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য মতে, ইতিমধ্যে সুস্থ হৈছে ১০৪ জন অমিক্ৰণ আক্ৰান্ত৷ আনহাতে বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ৭,৪৯৫ গৰাকী ব্যক্তি আৰু মৃত্যু হৈছে ৪৩৪ গৰাকী কোভিড ৰোগীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ