অসম লাইভ ২৪ঃ বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম। পৰিচালক আদিত্য ধৰৰ সৈতে শুকুৰবাৰে নতুন জীৱনৰ পাতলি মেলিলে অভিনেত্ৰীগৰাকীয়ে। আদিত্য আৰু য়ামীৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। পিছে এই কথা জনা নাছিল কোনেও। সকলোৰে পৰা আঁতৰি কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিত দুয়োজনে আৰম্ভ কৰে জীৱনৰ নতুন অধ্যায়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৰে বিবাহৰ ফটো। য়ামী আৰু আদিত্যই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত চেয়াৰ কৰিছে বিবাহৰ ফটো। ফটো শ্বেয়াৰ কৰাৰ পাছতেই শুভেচ্ছাৰে উপচাই পেলাইছে দুয়োৰে অনুৰাগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ