অসম লাইভ২৪ঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৱশেষত ভাৰাতীয়া সৈন্যৰ প্রধান মুৰব্বী য়েভগেনিৰ মৃত্যুক লৈ মুখ খুলিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে য়েভগেনিৰ মৃত্যুৰ ২৪ ঘণ্টা পাছত মুখ খুলিছে। কেনেকৈ তেওঁৰ জেটখন দুৰ্ঘটনাত পতিত হৈছিল সেই কথাও প্ৰকাশ কৰিছে পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত কয়, ‘য়েভগেনি এজন লেখত ল’বলগীয়া যুদ্ধা আছিল। কিন্তু সুনিপুন যুদ্ধাৰো ভুল হয়। তেঁৱো জীৱনত ডাঙৰ কেইটামান ভুল কৰিলে।’
জেটখনত থকা ১০ জন ব্যক্তিৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি পুটিনে। বুধবাৰে সন্ধিয়া মস্কোৰ উত্তৰ-পশ্চিমাঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে। সমগ্ৰ বিশ্বজুৰি এই দুৰ্ঘটনাৰ চৰ্চা চলিলেও পুটিনে কিন্তু বিষয়টোক লৈ কোনোধৰণৰ মন্তব্য কৰা নাছিল। য়েভগেনিৰ বিমান দুৰ্ঘটনা হোৱাৰ পাছতেই নানান গুজৱ আৰম্ভ হৈছে। ইয়াৰ মাজতেই বিমানখন কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল? কিমানগৰাকী যাত্ৰী এই বিমানত আছিল সমূহ কথাই আলোচনাৰ আওতালৈ আহিছে। বৃহস্পতিবাৰে এই ঘটনাক লৈ পেণ্টাগনৰ মুখপাত্ৰই এখন সংবাদমেল সম্বোধন কৰিছিল। তেওঁ এই দুৰ্ঘটনা সন্দৰ্ভত কৈছিল, ‘বিমান দুৰ্ঘটনাই এজন সুদক্ষ যুদ্ধাক আমাৰ মাজৰ পৰা কাঢ়ি নিলে।’
বিমানখন টিভৰ যি এলেকাত দুৰ্ঘটনাত পতিত হৈছে সেই এলেকাৰ স্থানীয় বাসিন্দাসকলে কয় যে, বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে এটা বিকট শব্দ হৈছিল। ৰাছিয়াৰ বিভিন্ন সংবাদমাধ্যমেও প্ৰকাশ কৰা মতে এই বিমানত বোমা আছিল। আৰু সেই বোমা বিষ্ফোৰণ হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।’ এজন মাৰ্কিন সেনাই এই সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কৈছে যে, এয়া সাধাৰণ দুৰ্ঘটনা নহয়। য়েভগেনিয়ে যাত্ৰা কৰা বিমানখনত বিস্ফোৰক পদাৰ্থ আছিল, হয়তো বোমা আছিল। এই বোমাৰ বিস্ফোৰণতেই য়েভগেনিৰ মৃত্যু হৈছে। এই সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছে। কিন্তু কি কাৰণত এনেকৈ হত্যা কৰা হ’ল সেয়া আমি নাজানো।’
প্ৰিগোজিনৰ মৃত্যু সম্পৰ্কে এটা চেনেলে আন এক সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে। তেওঁলোকৰ মতে, ৰাছিয়াৰ এণ্টি-এয়াৰক্ৰাফ্ট বাহিনীয়ে জেটখন গুলীবৰ্ষণ কৰিছিল।’ কিন্তু সেয়া এতিয়াও নিশ্চিত নহয়। এই সন্দৰ্ভত কোনো তথ্যও এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মস্কোৰ শ্বেৰেমেটিয়েভো বিমানবন্দৰৰ পৰা য়েভগেনিয়ে যাত্ৰা কৰা বিমানখনে উৰণ আৰম্ভ কৰিছিল। বিমানখনে ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ উৰা মাৰিছিল। য়েভগেনিৰ মৃত্যুৰ পাছতেই তেওঁলোকে উৰণ আৰম্ভ কৰা এয়াৰপৰ্টৰ গ্ৰাউণ্ড ষ্টাফসকলকো সোধা-পোছা অব্যাহত ৰখাৰ লগতে চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে। প্ৰিগোজিন য়েভগেনিয়ে ৰাছিয়াৰ ভাৰাতীয়া সৈন্যৰ সংগঠন ৱাগনাৰ গ্ৰুপৰ মুৰব্বী আছিল। তেওঁ এসময়ত পুটিনৰো অতি ঘনিষ্ঠ আছিল। কিন্তু বিগত জুন মাহত ৰাছিয়াত হোৱা এটা বিদ্ৰোহৰ পাছতেই য়েভগেনিৰ সৈতে পুটিনৰ সম্পৰ্কত ফাঁট মেলে।
তেওঁৰ এসময়ৰ ঘনিষ্ঠ ব্যক্তি য়েভগেনিৰ মৃত্যুক লৈ পুটিনে একো মন্তব্য নকৰাক লৈ বহুতেই সামাজিক মাধ্যমত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছিল। এই দুৰ্ঘটনা সংগঠিত হোৱাৰ পিছদিনাই পুটিনে ব্ৰিকছ সন্মিলনত ভাগ ল’বলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হয়। কিন্তু এই সন্মিলনৰ পাছত হোৱা সংবাদমেলত এই দুৰ্ঘটনাক লৈ কোনো মন্তব্য নকৰিলে পুটিনে। পুটিনে মন্তব্য নকৰাক লৈ সমালোচনা আকৌ বৃদ্ধি পালে। তাৰপিছতেই তেওঁ মুখ খুলিবলৈ বাধ্য হৈ পৰিল। শেহতীয়াভাৱে তেওঁ এই দুৰ্ঘটনাক লৈ কয়, ‘নিহত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। প্ৰাথমিক তদন্তত আমি গম পাইছো যে এয়া এক দুৰ্ঘটনাই। য়েভগেনিয়ে আমাক বহু কিবাকিবি দিছে। তেওঁ এজন সুদক্ষ যোদ্ধা। আমাৰ ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত তেওঁ বহু অৱদান আগবঢ়াই গৈছে।’
পুটিনৰ সৈতে এসময়ৰ ঘনিষ্ঠ য়েভগেনিৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি এটা অভিযোগ আহিছিল। য়েভগেনিয়ে ইউক্ৰেইন সেনাক সহায় কৰি ৰুছ সেনাক প্ৰতাৰণা কৰিছে। বিগত ২০২২ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধত পুটিনক সকলোপ্ৰকাৰে সহায় কৰি আহিছিল য়েভগেনিয়ে। পুটিনে তেওঁৰ অৱদানৰ কথা সোঁৱৰি কয়, ‘য়েভগেনিক মই ৯০ ৰ দশকৰ পৰাই চিনি পাও। তেওঁ অতি কষ্টেৰে আজিৰ এই অৱস্থা পাইছিল। মই এজন ৰাষ্ট্ৰপতি হিচাপে নহয় তেওঁৰ বন্ধু হিচাপে এই কথা ক’ব খোজো যে তেওঁ জীৱনত এটা গুৰুতৰ ভুল কৰিছিল। মোৰ আৰু তেওঁৰ লক্ষ্য একে আছিল যদিও তেওঁ হঠাতেই মোক বিশ্বাসঘাতকতা কৰিলে।’
প্ৰিগোজিন য়েভগেনিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিবলৈ গৈ বিদ্ৰোহৰ প্ৰসংগও টানি আনে পুটিনে। উল্লেখ্য যে, প্ৰিগোজিন আৰু তেওঁৰ সশস্ত্ৰ যোদ্ধাই বিগত দুমাহ পূৰ্বে বিদ্ৰোহ ঘোষণা কৰিছিল। তেতিয়াই মি পুটিনে তেওঁৰ কৰ্মকাণ্ডক ‘বিশ্বাসঘাতকতা’ আৰু ‘পিঠিত ছুৰিকাঘাত’ কৰা বুলি কৈছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ৰাছিয়াৰ ফৰেনছিক বিশেষজ্ঞসকলে নিহতৰ পৰিচয় চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। পুটিনে এই সন্দৰ্ভত কয়,’ডিএন এ পৰীক্ষা কৰিবলৈ সময় লাগিব।’
ৰাছিয়াৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মতে, এই বিমানখনত ৱাগনাৰৰ সহ-প্ৰতিষ্ঠাপক ডিমিত্ৰী উটকিন, ৱাগনাৰৰ বিত্ত বিভাগ ভেলেৰী চেকালোভও বিমানত আছিল। বিমানখনত থকা ৭জন লোকৰ ভিতৰত তিনিজন ক্ৰু সদস্যও আছিল বুলি প্ৰকাশ কৰিছে বিমান কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ