অসম লাইভ ২৪ঃ ‘যোগী আদিত্যনাথ ভগৱান। মই যোগী আদিত্যনাথক ভগৱান জ্ঞান কৰো। লগতে মই তেওঁক পূজা কৰো।’— এই মন্তব্য উত্তৰ প্ৰদেশৰ কংগ্ৰেছী বিধায়ক ৰাকেশ সিঙৰ। ৰাকেশ সিঙে আম আদমি পার্টীৰ বিধায়ক সোমনাথ ভাৰতীৰ বিৰুদ্ধে চলি থকা বিচাৰক লৈ উত্তৰ প্ৰদেশ চৰকাৰে হাতত লোৱা পদক্ষেপক সমর্থন জনাই এই মন্তব্য কৰে। লগতে তেওঁ কয় যে সোমনাথ ভাৰতীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱা উচিত। কংগ্ৰেছী বিধায়কগৰাকীয়ে যোগী আদিত্যনাথক লৈ কৰা এই মন্তব্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















