মহাকুম্ভ ২০২৫ত ৩০ গৰাকী লোকৰ মৃত্যুত শোকাহত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। মৰ্মান্তিক ঘটনাত শোকপ্ৰকাশ কৰি আৰ্থিক সাহায্য ঘোষণা কৰিছে তেওঁ। বুধবাৰে নিশা তেওঁ কয়, ‘মৃতকৰ পৰিয়ালক ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হব।’
যোগীয়ে লগতে কয়, ‘দুৰ্ঘটনা আকৌ যাতে নহয় তাৰবাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। মৰ্মান্তিক ঘটনাৰ বিভাগীয় তদন্তও আৰম্ভ হৈছে। তিনিজনীয়া সদস্যৰ এটা টিম গঠন কৰা হৈছে।’ মঙলবাৰে মাজনিশা মহাকুম্ভত পদপিষ্টৰ ঘটনাত বহু মানুহৰ মৃত্যুৰ আশংকা কৰা হৈছিল। কিন্তু বুধবাৰে উত্তৰপ্ৰদেশৰ চৰকাৰৰ পৰা হতাহতৰ সংখ্যা জনোৱা হোৱা নাই। শেষলৈ বিতৰ্কৰ পৰিমান বাঢ়ি যোৱাত বুধবাৰে নিশা যোগীয়ে এক সংবাদমেল সম্বোধন কৰি জনাই যে পদপিষ্টৰ ঘটনাত মৃত্যু হৈছে মুঠ ৩০ জনৰ। আহত হৈছে ৬০জন। একাধিক হাস্পতালত তেওঁলোকৰ চিকিৎসা চলিছে।
আৰক্ষী বিষয়া বৈভৱ কৃষ্ণই জনাইছে যে মৃতকৰ সংখ্যাৰ ৩০ জনৰ ভিতৰত ২৫ জনক চিহ্নিত কৰা হৈছে। তাৰপিছতেই যোগীয়ে সংবাদমেলত কয়, ‘এয়া অত্যন্ত হৃদয়বিদাৰক ঘটনা। যিসমূহ পৰিয়ালে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ সমবেদনা জনাইছো। বিগত নিশাৰে পৰাই আমি আৰক্ষী প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিছো। জাতীয় আৰু ৰাজ্যিক বিপৰ্যয় মোকাবিলা বাহিনীৰ ওপৰিও আৰক্ষী আৰু অন্যান্য বাহিনী মোতায়েন কৰা হৈছে।’ ইয়াৰ সৈতে উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মৃতসকলৰ পৰিয়াললৈ ২৫লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে যোগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ