বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী
সামাজিক মাধ্যম যোগে বহু লোকেই ঠগবাজ কৰি বা বেইমানি কৰি বহু লোকৰ পৰা টকা সৰকায়। এইবাৰ তেনেই এক কাহিনী পেহৰলৈ আহিছে। নিজকে আমেৰিকাৰ বুলি পৰিচয় দি লুটি লৈ গ’ল ৭০০ গৰাকী মহিলাক।
আপোনাকো তেনে বিদেশী বন্ধুৰ পৰা ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহিছে নেকি, তেন্তে সাৱধান, এইবাৰ এগৰাকী ২৩ বছৰীয়া যুৱকে নিজকে আমেৰিকাৰ বুলি পৰিচয় দি সামাজিক মাধ্যম যোগে লুটি নিয়ে।
বিদেশী মডেলৰ ফটো ব্যৱহাৰ কৰি নিজকে সেই যুৱক বুলি পৰিচয় দি লুট কৰা যুৱকক অৱশেষত দিল্লী আৰক্ষীয়ে আটক কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এক অনলাইন ডেটিং এপ যোগে ২৩ বছৰীয়া যুৱকে নিজকে বিদেশী বুলি পৰিচয় দি বহু মহিলাৰ সৈতে বন্ধুত্ব কৰে। বন্ধুত্ব গাঢ় কৰি শেষত সেই মহিলাবোৰৰ অন্তৰংগ তথা ব্যক্তিগত ফটো বিচৰে।
মহিলা বন্ধুৱেও বিশ্বাসত লৈ বিদেশী বন্ধুৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰে। কিন্তু ফটো পোৱাৰ লগে লগে বিদেশী বন্ধুৱে সেই ফটো সকলোতে ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে মহিলাৰ পৰা বহু টকা সৰকাই। তেনেদেৰ এগৰাকী দুগৰাকী নহয়, ৭০০ গৰাকী মহিলাৰ পৰা টকা লুট কৰে যুৱকে।
শেষত দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ভুক্তভোগী ছাত্ৰীয়ে চাইবাৰ আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ