আন্তৰ্জাতিক ক্ৰিকেট খেলৰ আৰম্ভণিৰ সময়ৰে পৰাই এগৰাকী চৰ্চাত থকা ক্ৰিকেটাৰ হৈছে যুৱৰাজ সিং৷ তেওঁৰ সৈতে খেলৰ সমান্তৰালকৈ নাৰীকেন্দ্ৰীক বহু কথা ভাইৰেল৷ তেওঁৰ ডেটিং বিষয়ক কথা বহুবাৰ চৰ্চাত আহিছিল৷ এতিয়া তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় ল’লেও প্ৰাক্তন ক্ৰিকেটাৰ হিচাপে তেওঁ সমানেই জনপ্ৰিয় হৈ আছে৷
জনপ্ৰিয়তাৰ বাবেই তেওঁ বলীউডৰ বিভিন্ন অনুষ্ঠানৰ ওপৰিও ক্ৰিকেটৰ বিভিন্ন অনুষ্ঠানত উপস্থিত থাকে৷ শেহতীয়াকৈ যুৱৰাজে এক পডকাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰিছে৷ সেই পডকাষ্টতেই কেইবাটাও ব্যক্তিগত কথা তেওঁ নিজেই জনাইছে৷ তেওঁৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ কথাও আকৌ এবাৰ নিজমুখেৰে কৈছে৷ ২০০৭-২০০৮ত অষ্ট্ৰেলিয়ালৈ খেলৰ বাবে গৈছিল যুৱৰাজ সিং৷
২০০৭-২০০৮ চনত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী খেলিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল যুৱৰাজ সিং৷ সেই সময়ত তেওঁ এগৰাকী অভিনেত্ৰীক ডেট কৰিছিল৷ সেই ডেটেই তেওঁক বিপদত পেলায়৷ পডকাষ্টত যুৱৰাজে কয়, ‘মই এগৰাকী অভিনেত্ৰীক ডেট কৰিছিলো৷ সেই সময়ত তেওঁ এডিলেডত শ্বুটিং কৰিছিল৷ মই তেওঁৰ সৈতে অষ্ট্ৰেলিয়াত দেখা কৰিব খোজা নাছিলো৷ কিন্তু মোৰ সৈতে তেওঁ সময় কটাব খুজিছিল৷ অৱশেষত মই তেওঁৰ সৈতে দেখা কৰো৷ নিশাজুৰি আমি কথা হ’লো৷ মই তেওঁক কৈছিলো ডেটত নহয় কেৰিয়াৰত মন দিয়াটো ভাল৷’
সমস্যা তেতিয়ালৈকে একো নাছিল৷ যুৱৰাজে কয়, ‘পাছৰ দিনা পুৱা মই মোৰ জোতা বিচাৰি পোৱা নাছিলো৷ তেওঁ মোক কৈছিল মোৰ জোতা তেওঁ পেক কৰি বেগত দিছে৷ মই পিন্ধি যাবৰ বাবে তেওঁৰ গোলপীয়া শ্লিপাৰযোৰ মোক দিছিল৷ মই গোলপীয়া শ্লিপাৰ পিন্ধিয়েই বিমানবন্দৰলৈ যাওঁ৷ সতীৰ্থকেইজনে মোক দেখি হাঁহিবলৈ ধৰে৷ শেষত মই বিমানবন্দৰৰ পৰা জোতা কিনি সেয়া পৰিধান কৰো৷’
পডকাষ্টত যুৱৰাজক প্ৰশ্ন কৰা হৈছিল, বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীৰ মাজত তেওঁ কাক শীৰ্ষত ঠাই দিব? তেতিয়া তেওঁ উত্তৰত কয়, তিনিও প্লেয়াৰ আৰু অধিনায়কৰ মাজত তেওঁ শীৰ্ষত ঠাই দিব মহেন্দ্ৰ সিং ধোনীক৷ ইয়াৰোপৰি তেওঁ কয়, ‘প্লেয়াৰ হিচাপে মই টি-২০ত ৰোহিত শৰ্মাক বাচিম৷ তেওঁ এজন ভাল অধিনায়ক তেওঁ ক্ষন্তেকতেই হাতৰ পৰা হেৰাই যোৱা মেচো ঘূৰাই আনিব পাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ