য়ুজবেন্দ্ৰই মুকলি কৰিলে নতুন প্ৰেমৰ কথা- ‘তুমিয়ে মোৰ সকলো’
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম বলাৰ য়ুজবেন্দ্ৰ চাহালে সদৰি কৰিলে নিজৰ নতুন প্ৰেমৰ কথা। ধনশ্ৰীৰ সৈতে বিচ্ছেদ হোৱাৰ পাছৰে পৰা চাহালৰ সৈতে নাম সাঙোৰ খাইছিল এগৰাকী নতুন যুৱতীৰ সৈতে।
সেই যুৱতীগৰাকী হৈছে ৰেডিঅ’ জকী মহৱশ। মহৱশৰ সৈতেই এতিয়া সম্পৰ্ক কনফাৰ্ম কৰিলে চাহালে। বিগত বহুদিনৰ পৰা মহৱশৰ সৈতে বিভিন্ন ঠাইত দেখা পোৱা গৈছিল চাহালক।
ক্ৰিকেটৰ পথাৰৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টমাছ পাৰ্টীলৈকে একেলগে দেখা পোৱা গৈছিল চাহাল আৰু মহৱশক। কিন্তু দুয়ো বহুদিন ধৰি নিজৰ নিজৰ সম্পৰ্কৰ বিষয়ে কাৰোৰে আগত প্ৰকাশ কৰা নাছিল।
অৱশেষত মহৱশে এটা পোষ্ট শ্বেয়াৰ কৰি এই সম্পৰ্কৰ বিষয়ে সদৰি কৰে। লগতে চাহালৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে। সেই ফটোতেই চাহালে দিয়ে বিশেষ কমেণ্ট।
‘তুমিয়ে মোৰ সকলো, মোক সদায়ে সাহস দি থকা বাবে ধন্যবাদ। ‘- মহৱশৰ ফটো আৰু চাহালৰ কমেণ্টে এতিয়া দুয়োৰে প্ৰেমৰ কথা নিশ্চিত কৰা বুলি অনুৰাগীয়ে মানিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ