কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা মেট্ৰিকৰ ফলাফল
কাইলৈ ১০ এপ্ৰিল তাৰিখে ঘোষণা হোৱাৰ সম্ভাৱনা মেট্ৰিকৰ ফলাফল। অসম ছেৱা বৰ্ডৰ বিশেষ সূত্ৰে জনালে এই বিষয়ে।
দিনৰ ভাগতে সদৰি কৰা হব পাৰে ফলাফল। অনলাইন যোগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পৰীক্ষাৰ ফলাফল।
নিৰ্দিষ্ট ৱেবছাইটৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ইয়াৰ বাবে থাকিব কেইবাটাও ৱেবছাইট। পৰীক্ষাৰ ফলাফল চাবলৈ অফিচিয়েল ৱেবছাইটসমূহ হ’ল:
sebaonline.org/result
resultsassam.nic.in
এই ৱেবছাইটত গৈ ছাত্ৰী-ছাত্ৰীয়ে নিজৰ ৰোল-নম্বৰ দি চাব পাৰিব ফলাফল, লগতে ডাউনলোড কৰিব পাৰিব মাৰ্কিশ্বিট।
চলিত বৰ্ষত মেট্ৰিকত অৱতীৰ্ণ হৈছিল ৪.৩০ লাখ পৰীক্ষাৰ্থী। চলিত বৰ্ষতো বিগত বৰ্ষৰ দৰে নাথাকিব শীৰ্ষস্থানৰ ব্যৱস্থা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ