অসম বিশ্ববিদ্যালয় অসমত নহয় নেকি? বন্ধৰ তালিকাত নাই ব’হাগ বিহু
অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাই লগাইছে তোলপাৰ। ৰাজ্যজুৰি এতিয়া বিতৰ্কত শিলচৰ স্থিত অসম বিশ্ববিদ্যালয়।
বহুতেই প্ৰশ্ন কৰিছে অসম বিশ্ববিদ্যালয় অসমত নহয় নেকি! কাৰণ অসমৰ এইখন বিশ্ববিদ্যালয় খনৰ বন্ধৰ তালিকাত নাই অসমৰ বাপতি সাহোন ব’হাগ বিহুৰ বন্ধ।
অথচ বিশ্ববিদ্যালয়খনৰ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী তথা বিষয়া-কৰ্মচাৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ। ব’হাগ বিহুৰ বন্ধৰ সলনি এপ্ৰিল মাহত আছে মহাবীৰ জয়ন্তী আৰু গুড ফ্ৰাইডেৰ বাদে নাই কোনো বন্ধ।
২০২৫বৰ্ষৰ বন্ধৰ তালিকাত ৰঙালী বিহুৰ বন্ধ নাই বিশ্ববিদ্যালয়খনত বন্ধৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগেই এই হাহাকাৰ এতিয়া ৰাজ্যজুৰি। অসমতেই ব’হাগ বিহুৰ বন্ধ উঠাই দিলে এইখন বিশ্ববিদ্যালয়ে।
বিশ্ববিদ্যালয় খনে যেন দেখুৱাই দিলে বৰাক উপত্যকা অসমৰ নহয়। অথচ এইখন অসমত ব’হাগ বিহুক সকলোতকৈ উপৰত বুলি ধৰা হয়।
ব’হাগ বিহুৰ সলনি বন্ধৰ তালিকাত আছে অন্য বহু বন্ধ। লগতে আছে দূৰ্গা পূজা বুলি ২৬ দিনৰ বিশেষ বন্ধ। যি বন্ধ অসমৰ অন্য ঠাইত ২-৩ দিন থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ