জুবিনৰ পাৰ্থিৱ শৰীৰ কঢ়িওৱা বিমান উৰা মাৰিল ভাৰত অভিমুখে৷
দিল্লীত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব হাৰ্টথ্ৰৱৰ পাৰ্থিৱ শৰীৰ৷
এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানত দেশলৈ উৰা মাৰিছে জুবিনৰ নশ্বৰ শৰীৰ৷
দিল্লী অভিমুখী বিমানৰ প্ৰতীক্ষাত এতিয়া জুবিনৰ কোটি কোটি অনুৰাগী৷
দিল্লীত উপস্থিত হোৱাৰ এঘণ্টাৰ ভিতৰতেই অসমলৈ অনা হ’ব জুবিনৰ শৰীৰ৷
কাইলৈ পুৱতি নিশাই অসম পাবহি জুবিনৰ পাৰ্থিৱ দেহ৷
নিশা ১১.৫৫ বজাত দিল্লীত অৱতৰণ কৰিব বিমানখনে৷
দিল্লীৰ পৰা চাৰ্টাৰ্ড বিমানেৰে অনা হ’ব গুৱাহাটীলৈ৷
নিশা ১ বজাত দিল্লীৰ পৰা গুৱাহাটীলৈ উৰিব বিমানখন৷
পুৱতি নিশা ২.৩০ মিনিটত বৰঝাৰত অৱতৰণ কৰিব বিমানখনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















