• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

1 month ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

12 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

13 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

14 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

15 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

16 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

17 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

17 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

2 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক'ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

editor by editor
October 7, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ মৃত্যু আজিও সন্দেহৰ আৱৰ্তত। SIT য়ে এজনৰ পাছত আনজনক জেৰা চলাই আছে। জেৰাৰ মাজতেই কেতবোৰ তথ্য প্ৰকাশো পাইছে। শেহতীয়াকৈ জেৰাৰ অন্তত অহা খবৰ অনুসৰি জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী আছিল। সেই দেহৰক্ষী দুজনকো চিআইডিয়ে মাতি সোধপোছ কৰিছে। জুবিন গাৰ্গৰ সৈতে থকা দুজন দেহৰক্ষীৰ এজন বৰা আৰু আনজন বৈশ্য। দুয়োগৰাকীয়ে চৰকাৰী দেহৰক্ষী। এই দুইগৰাকী দেহৰক্ষীক আলফাই জুবিনক ভাবুকি দিয়াৰ সময়ত নিয়োগ কৰা হৈছিল। তেতিয়াৰে পৰা অসম আৰক্ষীৰ দুই জোৱান জুবিনৰ সৈতে নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল। প্ৰথমে জুবিনৰ সৈতে এছকৰ্ট গাড়ীও দিয়া হৈছিল। পাছলৈ সেয়া অৱশ্যে উঠাই দিয়া হল। কিন্তু বৰা আৰু বৈশ্য জুবিনৰ সৈতে প্ৰতিসময়তে ছাঁৰ দৰে আছিল। জুবিনৰ প্ৰতিটো অনুষ্ঠানতেই বৰা আৰু বৈশ্য় জুবিনৰ সৈতে একেলগে যায়।
সেই বৰা আৰু বৈশ্যকেই চিআইডিয়ে তলব কৰোতে পোহৰলৈ আহিছে বিশেষ তথ্য। বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰোতে আচৰিত হৈছে তদন্তকাৰী বিষয়াও। ইমান টকাৰ বিত্তীয় লেনদেন কেনেকৈ সম্ভৱ। জুবিন গাৰ্গৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ একাউণ্টত প্ৰায় ১ কোটি টকাৰ লেনদেনৰ তথ্য় লাভ কৰিছে চিআইডিয়ে। এজনৰ একাউণ্টত ৪০ লাখৰ লেনদেন আৰু আনজনৰ একাউণ্টত প্ৰায় ৬০ লাখৰ লেনদেনৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। এই বিত্তীয় লেনদেন দেখি বৰা আৰু বৈশ্য দুয়োজনকে পৃথকে পৃথকে জেৰা চলাই চিআইডিয়ে। তেতিয়াই বৰা আৰু বৈশ্যই দিয়া তথ্য অনুসৰি এই ধন জুবিনেই তেওঁলোকৰ একাউণ্টত ৰাখিছিল। কাৰণ জুবিনৰ কোনো ফোন পে, গুগল পে ৰ দৰে অনলাইন লেনদেনৰ ব্যৱস্থা নিজৰ ফোনত নাছিল। জুবিনে এই সম্পৰ্কে পূৰ্বেও এই সম্পৰ্কে এক ইণ্টাৰভিউত জনাইছিল।
জুবিনে বিহু ফাংচনৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰেকৰ প্ৰতিটো মাহত জুবিনৰ দুই-তিনিটা অনুষ্ঠান থাকে। একো একোটা অনুষ্ঠানৰ নামত জুবিনে লয় ৬ লাখৰ পৰা ৮ লাখ টকা। এই টকা কিন্তু জুবিনে পোনে পোনে নাপায়। টকা লয় সিদ্ধাৰ্থই। পৰৱৰ্তী সময়ত এই টকাৰে নিৰ্দিষ্ট অংশ ভগাই দিয়া হয় বাদ্যযন্ত্ৰীসকলৰ মাজত। একো একোজন বাদ্যযন্ত্ৰীয়ে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা একো একোটা অনুষ্ঠানৰ নামত লাভ কৰে। পৰৱৰ্তী সময়ত জুবিনে উপাৰ্জন কৰা এই ধনৰ হিচাপ সিদ্ধাৰ্থই জুবিনক দিয়ে। সাধাৰণতে এই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। কিবা বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’লে জুবিনৰ নিৰ্দেশত সিদ্ধাৰ্থই ধন উলিয়াই দিয়ে। প্ৰয়োজন হ’লে গৰিমায়ো সিদ্ধাৰ্থৰ পৰা ধন বিচাৰে।
তেনে অৱস্থাত জুবিনৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ লগত চাৰি-পাঁচ বছৰৰ ভিতৰত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল?জুবিনে ষ্টুডিঅ’ত বিভিন্নজনৰ বাবে গান গায়। থিয়েটাৰৰ বতৰত প্ৰতিখন থিয়েটাৰৰ দুই-তিনিটাকৈ গান গায় জুবিনে। শেহতীয়াভাৱে একো একোটা গানৰ বিনিময়ত জুবিনে ৫০ হাজাৰ টকা পৰ্যন্ত পায়। প্ৰযোজকসকলে জুবিনে গোৱা গানৰ বিনিময়ত নগদ ধন জুবিনৰ হাতত দিয়ে। জুবিনে লগে লগে এই ধন দিয়ে বিশ্বাসী দেহৰক্ষী বৈশ্য বা বৰাক। দুয়োকে ধন নিজৰ একাউণ্টত জমা ৰাখিবলৈ কয়। জুবিনৰ ষ্টুডিঅৰ বাহিৰত সদায় দুই-তিনিজন মানুহ ৰৈ থাকে। হাতে হাতে থাকে দৰ্খাস্ত। কাৰোবাক চিকিত্সাৰ বাবে পইচা লাগে, কাৰোবাক উচ্চ শিক্ষাৰ বাবে পইচা লাগে। জুবিনৰ ওচৰলৈ আহি এওঁলোকে কান্দে। জুবিনে লগে লগে বৈশ্য বা বৰাক ধন গুগল পে’ কৰি দিবলৈ নিৰ্দেশ দিয়ে।
প্ৰতি মাহে জুবিনে বিভিন্নজনক ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত ধন গুগল পে’যোগে আদায় দিয়ে। দুয়োৰে একাউণ্টত দেখা গ’ল বিভিন্ন সময়ত তেওঁলোকে গুগল পে’যোগে বিভিন্নজনক ধন দিছে। এছআইটিৰ ওচৰত বৈশ্য আৰু বৰাই এই বিষযে বিতং তথ্য সদৰী কৰিছে। এছআইটিয়ে দেখিছে নিৰ্দিষ্ট কোনো ব্যক্তিক জুবিনে নিয়মিতভাৱে ধন দিয়া নাই। বিভিন্নজনে বিভিন্ন সময়ত বৰা আৰু বৈশ্যৰ জৰিয়তে জুবিনৰ ধন লাভ কৰিছিল।
১৪ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অহা ১৪ অক্টোবৰত শ্যামকানু আৰু সিদ্ধাৰ্থক চিআইডিয়ে আদালতত হাজিৰ কৰাব। সেই সময়ত আৰক্ষীয়ে গাঁঠি দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ সংক্ৰান্তত বিভিন্নজনে দিয়া বিবৃতিৰ প্ৰতিলিপি। এছআইটিৰ মতে সিদ্ধাৰ্থ আচলতে কেনেকুৱা আছিল সেয়া জানিবলৈ জুবিনৰ সৈতে গীত গোৱা বিভিন্নজনক জেৰাৰ বাবে মতা হৈছে। জুবিনৰ মোবাইল ফোনত বিভিন্ন তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে। ছিংগাপুৰত যোৱাৰ আগে-পিছে জুবিনে কাক কাক মেছেজ দিছিল সেই তথ্যও পোৱা গৈছে। এই তথ্যৰ ভিত্তিত বিভিন্নজনক জেৰা কৰা হৈছে। জেৰাৰ বাবে এছআইটিয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনকো মাতিছে। সেইকেইজনে আজি ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত উপস্থিত হৈ উচ্চায়ুক্তক নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা। এছআইটিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰবাসী ভাৰতীয়কেইজনে জেৰাৰ বাবে এছআইটিৰ সন্মুখীন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাছপ’ৰ্ট ৰদ কৰাৰ চিন্তা-চৰ্চাও কৰিছে ৰাজ্য চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.