অসম লাইভ২৪ঃ ৰাজ্যজুৰি বিগত কেইটাদিনত এটাই চৰ্চা৷ দ্বীপেন বৰুৱা আৰু জুবিন গাৰ্গ দুই সংগীত শিল্পীৰ মাজত চলিছে বাক বিতণ্ডা৷ ড০ বেজবৰুৱা-২ৰ গীত মুকলি কৰাৰ পিছতে ছবিখনত দ্বীপেন বৰুৱাৰ এটি গীত ভুলকৈ গোৱাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই। তেওঁৰ গীত জুবিন গাৰ্গে ভুলকৈ গোৱাৰ বাবে দ্বীপেন বৰুৱাই আক্ষেপ ব্যক্ত কৰাৰ পিছতেই দুটা ভাগত বিভক্ত হৈ পৰিছে অসমৰ সংগীত জগত। এফালে জুবিনৰ সমৰ্থক, আনফালে দ্বীপেন বৰুৱাৰ সমৰ্থক৷
একাংশই কালজয়ী কণ্ঠশিল্পী দ্বীপেন বৰুৱাক কটু সমালোচনা কৰাৰ বিপৰীতে আন একাংশৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু এতিয়া এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গে। কাটাৰত বিশ্বকাপ ফুটবল উপভোগ কৰাৰ পিছত বৰ্তমান ৱাশ্বিংটন ডিচিত আছে জুবিন গাৰ্গে৷ তাৰ পৰাই সাংবাদিকৰ সন্মুখত জুবিনে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। এই সমস্ত বিতৰ্কক লৈ জুবিন গাৰ্গে কয় যে, বিষয়টো ড০ বেজবৰুৱাৰ প্ৰযোজকেহে ভালদৰে জানিব। কিয়নো তেওঁক প্ৰযোজকে পুৰণি গীত কেইটা নতুনকৈ বনাবলৈ দিছিল।
সংগীত পৰিচালক হিচাপে তেওঁ সেয়াই কাম কৰিছে বুলি উল্লেখ কৰি জুবিন গাৰ্গে কয়, ‘মই চাৰিটা গানহে কৰিছো। মোক কৰিব দিছে যেতিয়া মইতো নিজৰ মতেই কৰিম।’ আনহাতে দ্বীপেন বৰুৱাই তেওঁক কি কথাত বেয়া পাইছে সেয়া অসমলৈ উভতি অহাৰ পিছত কথা পাতিব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে। তেওঁ কয়, ‘দ্বীপেন বৰুৱাই মোক কি কথাত বেয়া পাইছে মই নাজানো। মই গৈ কথা পাতিব লাগিব।’ দ্বীপেন বৰুৱাক প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী কিশোৰ কুমাৰৰ সৈতে তুলনা কৰি তেওঁক সন্মান কৰিবলৈ অনুৰাগীসকলক আহ্বান জনায় জুবিন গাৰ্গে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ