অসম লাইভ ২৪ঃ সুশান্তৰ মৃত্যুৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই। সুশান্তৰ মৃত্যুৰ CBI তদন্ত দাবী কৰিলে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে। টুইটাৰ আৰু ইনষ্টাগ্ৰামত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি ৰিয়াই লিখিছে – ‘শীঘ্ৰেই সুশান্তৰ মৃত্যুৰ CBI তদন্ত হওক। সুশান্তৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ল। চৰকাৰৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আছে। ন্যায় বিচাৰৰ আশাৰে আপোনাৰ ওচৰত হাতযোৰ কৰি অনুৰোধ কৰিছো সুশান্তৰ মৃত্যুৰ CBI তদন্ত কৰা হওক। মই জানিব বিচাৰো কি চাপত পৰি সুশান্তে এনে মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰিলে।’ বিগত ১৪ জুনত মুম্বাইৰ বান্দ্ৰাৰ ফ্লেটত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ। এমাহ পাৰ হ’ল যদিও এতিয়াও চাঞ্চল্য মাৰ যোৱা নাই সুশান্তৰ মৃত্যুৰ। সুশান্তৰ অনুৰাগীৰ লগতে ৰাজনৈতিক মহলৰ বিভিন্নজনেও অভিনেতাজনৰ মৃত্যুৰ CBI তদন্ত দাবী কৰিছে। ইয়াৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তীক সোধা-পোছা কৰিছিল আৰক্ষীয়ে। বান্দ্ৰা থানাত ৬ ঘণ্টাধৰি জেৰা কৰিছিল ৰিয়া চক্ৰৱৰ্তীক। উল্লেখযোগ্য যে ৰিয়াৰ পূৰ্বে জন অধিকাৰ পাৰ্টীৰ নেতা পাপ্পু যাদৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ CBI তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল। বুধবাৰে অমিত শ্বাহে জনালে সেই আৱেদন তেওঁ ইতিমধ্যে সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। এই আৱেদন বিচাৰ কৰি চাব সংশ্লিষ্ট মন্ত্ৰালয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ