অসম লাইভ২৪ঃ পানীত ডুবিছে মহানগৰীৰ কেইবাটাও এলেকা। কৃত্ৰিম বানত নহয় এইবাৰ পানী যোগান আঁচনিৰ পাইপ ফুটি সকলোফালে কেৱল পানী আৰু পানী। খাৰঘূলিৰ ঘটনাৰ পুনৰাবৃত্তি এইবাৰ ৰাজগড় লিংক ৰোডত। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল ৰাজগড়ৰ বিস্তৃত অঞ্চল। কমাৰ্চ আৰু ৰাজগড় ৰোডৰ একাংশ অঞ্চলত এতিয়া ডিঙিলৈকে পানী।
সোমবাৰে দিনৰ প্ৰায় ২.৩০ মান বজাত জল বৰ্ডৰ পাইপ ফুটি ৰাজগড়ত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। বিভিন্ন গাড়ী, মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰো বিস্তৰ ক্ষতি সাধন হৈছে। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই। বৰ্তমান ঘটনাস্থলীত ASDMAৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাস্থলীত ততালিকে গৈ উপস্থিত হৈছে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালো। কিছুদিন পূৰ্বে খাৰঘূলিত সংঘটিত হৈছিল অনুৰূপ ঘটনা। জাইকাৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো।
উল্লেখ্য যে গুৱাহাটী মহানগৰীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় জনতাই। কৰবাত যদি খোৱাপানীৰ অভাৱ কৰবাত আকৌ এজাক বৰষুণতে একাঠু পানীৰ মাজেৰে অহা যোৱা কৰিব লাগে মহানগৰীৰ জনতাই। গুৱাহাটী যেন এতিয়া কোনোৱেই সুৰক্ষিত নহয়। কৰবাত যদি গাঁতত পৰি মানুহ মৰিছে কৰোবাত আকৌ পানীৰ পাইপ ফুটি মানুহ মৰিছে। মুঠতে গুৱাহাটীত এতিয়া একেবাৰেই সুৰক্ষিত নহয়। ঘটনাক লৈ স্থানীয়লোকে চৰকাৰত তুলাধূনা দিছে।
ইপিনে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী অশোক সিংঘালে কয় যে বিভাগীয় লোকৰ গাফিলতিৰ বাবেহে এনে ঘটনা সংঘঠিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ