অসম লাইভ ২৪ঃ ক’ভিড অতিমাৰীৰ ভয়াৱহতাই এতিয়াও আতংকিত কৰে বিশ্ববাসীক। এই অতিমাৰীয়ে যোৱা কেইবছৰত বিশ্ব অৰ্থনীতিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে। গোটেই বিশ্বজুৰি বহু লোকৰ এই অতিমাৰীয়ে প্ৰাণ কাঢ়িলে।
বিগত আঢ়ৈবছৰত বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাৰ অস্থিৰতা বৰ্তমানো একেবাৰে সুস্থিৰ হোৱা নাই। ক’ভিডৰ আৰম্ভণিতে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত এক বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত বিভিন্ন দেশৰ বন্ধ হৈ গৈছিল উত্পাদন ব্যৱস্থা। হঠাত জীৱিকাবিহীন হৈ গৈছিল বহু লোক।
শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ট্ৰেডছ আধানম ঘেব্ৰিয়েছাছে পুনৰ ভয়াৱহ অতিমাৰীয়ে বিশ্বত সন্ত্ৰাস চলাব পাৰে বুলি সতৰ্কবাণী দিয়ে। ৭৬ সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনত এই কথা ঘোষণা কৰে ঘেব্ৰিয়েছাছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ