অসম লাইভ২৪ঃ দুৰ্ঘটনাত পতিত হৈ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভাই চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে। বহু অনুষ্ঠানত বাদ্যসংগত কৰিছিল শিল্পীগৰাকীয়ে। অসমৰ জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজিছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। আৰ্থিক ভাৱে দুৰ্বল শিল্পীগৰাকীক সহায় কৰিবলৈ হাতত দান পাত্ৰলৈ একাংশ শিল্পী নামিল বকোৰ ৰাজপথত।
বিগত ৮ মাৰ্চৰ নিশা উত্তৰ গুৱাহাটীত সংগীতানুষ্ঠান সামৰি গৃহাভিমুখে যোৱাৰ সময়তে জনপ্ৰিয় বাঁহী আৰু চেক্স’ফোন বাদক সঞ্জীৱ ৰাভা দুৰ্ঘটনাত পতিত হৈছিল। ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হৈছিল এক ভয়াবহ দুৰ্ঘটনা। শিল্পী সঞ্জীৱৰ বাইকৰ সৈতে সংঘৰ্ষ হৈছিল এখন ট্ৰাকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিল্পী সঞ্জীৱ ৰাভাক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পাতালত। মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱ ৰাভা বৰ্তমান নেমকেয়াৰ ICUত চিকিৎসাধীন। আৰ্থিকভাৱে দুৰ্বল সঞ্জীৱৰ পৰিয়ালটোৱে এতিয়া সঞ্জীৱৰ উন্নত চিকিৎসা কৰিবলৈ অসমৰ্থ। সেয়ে সোমবাৰে বকোৰ এদল শিল্পীয়ে দান পাত্ৰ হাতে হাতে লৈ নামিল ৰাজপথত। সুধাকণ্ঠৰ গান গাই ৰাইজক শিল্পীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাইল শিল্পীসকলে।
ইপিনে সামাজিক মাধ্যমতো বাদ্যসংগত কৰা শিল্পীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাই মুকলি কৰিছে একাউণ্ট নম্বৰ৷ সঞ্জীৱ ৰাভাৰ Gpay No-8638938724 লগতে আৰু এটা নম্বৰ ALLAHABAD BANK AC NO 50403201313, IFSC-ALLA0211662.
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ