অসম লাইভ২৪ঃ সময়, এইয়াই সময়! অৰবিন্দ কেজৰীৱালৰ সময় এইয়া বুলি সৰ্বত্ৰতে চৰ্চা। আহমেদাবাদৰ অটোৰিক্সা চালকেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক খাদ্যগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই। কথাবোৰ ঠিকেই আগবাঢ়িছিল। কেজৰীৱালেও অটোৰিক্সা চালকৰ কথা মানি তেওঁৰ গৃহত নৈশভোজ কৰে। কেজৰীৱালৰ সমৰ্থকে দেশজুৰি চৰ্চা চলালে, প্ৰধানমন্ত্ৰী নহয় দিল্লীৰ মুখ্যমন্ত্ৰীৰহে বাঢ়িছে জনপ্ৰিয়তা।
পিছে সকলো চৰ্চাত চেঁচা পানী ঢালি অটোৰিক্সা চালতে প্ৰকাশ কৰিছে মত। অটোচালক বিক্ৰম দান্তনীয়ে শুকুৰবাবে প্ৰধানমন্ত্ৰী মোদীৰ এখন ৰাজহুৱা সভাত মত প্ৰকাশ কৰি কয় যে তেওঁ আপৰ সমৰ্থক নহয়। প্ৰধানমন্ত্ৰীৰ হে তেওঁ এজন অনুৰাগী। লগতে এগৰাকী কট্টৰ বিজেপি সমৰ্থক।
উল্লেখ্য যে অটোচালক বিক্ৰম দন্তানীয়ে চেপ্টেম্বৰ মাহৰ ১৩ তাৰিখে নৈশভোজৰ বাবে আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰী কেজৰীৱালক। মুখ্যমন্ত্ৰী কেজৰীৱালে আহমেদাবাদৰ অটোচালক সকলৰ মাজত এটা ইউনিয়নো গঢ়ি তুলিছে। সেই ইউনিয়নৰ মিটিঙত ভাগ লোৱা মুখ্যমন্ত্ৰীগৰাকীক নিজৰ গৃহলৈ আহাৰৰ বাবে নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰি বিক্ৰমে কয়,’আমাৰ ইউনিয়নৰ নেতাসকলৰ কথা ৰাখিহে মই আপ প্ৰধান কেজৰীৱালক ঘৰলৈ ভোজনৰ বাবে মাতিছিলো। আৰু এই আমন্ত্ৰণ কেজৰীৱালে লগে লগেই ৰক্ষা কৰিলে। মই ভৱাই নাছিলো তেওঁ এনেদৰে খাদ্য গ্ৰহণ কৰাটো ইমান ডাঙৰ এটা বিষয় হৈ পৰিব। মই আপৰ কৰ্মী নহয়।’
ইয়াৰোপৰি আপৰ কৰ্মী নহয় সেই বাখ্যা দিবলৈ গৈ অটোচালক বিক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী হোৱাৰ ওপৰিও সদায়ে তেওঁ বিজেপি দলকেই ভোট দি আহিছে বুলি প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ