
অসম লাইভ ২৪ঃ মঙলবাৰে সূর্যাস্তৰ পাছত আকাশলৈ মূৰ তুলি চালে দেখা পাব এক উজ্জ্বল তৰা। পৃথিৱীৰ নিচেই কাষলৈ আহিব এটা ধুমকেতু। মঙলবাৰৰ পৰা খালী চকুৰে ভাৰতৰ আকাশত দেখা পোৱা যাব এই ধুমকেতু। ‘নিয়োৱাইজ’ নামৰ ধুমকেতুটো ২০ দিন উজলি থাকিব ভাৰতৰ আকাশত। সূর্যাস্তৰ ২০ মিনিট পাছতে খালী চকুৰে দেখা যাব এই ধুমকেতু। ২২ জুলাইত পৃথিৱীৰ নিচেই কাষ চাপি আহিব ‘নিয়োৱাইজ’। পৃথিৱীৰ পৰা ১০.৩ কোটি কিলোমিটাৰ দূৰত অৱস্থান কৰিব ধুমকেতুটোৱে। উল্লেখ্য ১৯৯৭ চনত শেষবাৰৰ বাবে খালী চকুৰে এটা ধুমকেতু দেখা পোৱা গৈছিল। ‘নিয়োৱাইজ’ক ২৫ৰ পৰা ৩০ মিনিট পর্যন্ত আকাশত দেখা পোৱা যাব। ৩০ জুলাইৰ পাছত ইয়াত খালী চকুৰে পোৱা নাযায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ