অসম লাইভ ২৪ঃ ক’ৰোনাক পৰাজয় কৰিব বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনে। ৭৭ বছৰীয়া অমিতাভ বচ্চন এতিয়া চিকিৎসাধীন। নানাৱতী হাস্পতালত চিকিৎসকৰ এটি দলে অহৰহ নজৰত ৰাখিছে ‘বিগ বি’ক। অমিতাভ বচ্চনৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ যদিও লিভাৰ দুৰ্বল আৰু হেপাটাইটিছ বিত আক্ৰান্ত হৈছে অমিতাভ বচ্চন। ইয়াৰ উপৰিও যক্ষ্মা আৰু হাপানী ৰোগ আছে অমিতাভ বচ্চনৰ। বিগত ২০১৮ চনৰ পৰা কিছু লিভাৰ গেষ্ট্ৰিকৰ সমস্যাত ভুগি আহিছে অমিতাভ বচ্চনে। বিগত বৰ্ষৰ অক্টোবৰত নানাৱতী হাস্পতালত চিকিৎসাধীন হৈছিল অমিতাভ বচ্চন। ইফালে অমিতাভ বচ্চনৰ পাছত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় আৰু ৮ বছৰীয়া নাতিনী আৰাধ্যা আক্ৰান্ত হৈছে ক’ভিড-১৯ত। ঐশ্বৰ্য আৰু আৰাধ্যাৰ ৰিপ’ৰ্ট দুবাৰকৈ নিগেটিভ অহাৰ পাছত দেওবাৰে বিয়লি দুয়োৰে ৰিপ’ৰ্ট পজিটিভ আহে। সম্প্ৰতি ঐশ্বৰ্য, আৰাধ্যাক হোম আইছ’লেচনত ৰখা হৈছে। কোনো অসুবিধা নোপোৱা বাবে ঐশ্বৰ্য, আৰাধ্যাক ঘৰতে চিকিৎসা আগবঢ়াইছে চিকিৎসকৰ দলে। বচ্চন পৰিয়ালৰ আটাইৰে অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনাইছে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টুপেয়ে। ইফালে দেশৰ কোটি কোটি অনুৰাগী উদ্বিগ্ন বচ্চন পৰিয়ালৰ স্বাস্থ্যক লৈ। সকলোৰে মুখে মুখে প্ৰশ্ন- কেনে আছে অমিতাভ বচ্চন? কেনে আছে ঐশ্বৰ্য? কেনে আছে কণমানি আৰাধ্যা? দেশৰ ঠায়ে ঠায়ে মন্দিৰে মন্দিৰে অনুৰাগীয়ে কৰিছে পূজা-অৰ্চনা। সকলোৰে প্ৰাৰ্থনা শীঘ্ৰে আৰোগ্য লাভ কৰক অমিতাভ বচ্চন, অভিষেক বচ্চন, ঐশ্বৰ্য আৰু আৰাধ্যাই। পুনৰ জলসালৈ ঘূৰি আহক প্ৰাণ-প্ৰাচুৰ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ