নগাঁৱৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধই গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। দুদিন পূৰ্বে নগাঁও লোকসভা উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক উদ্দেশ্যি প্ৰাক্তন বিধায়ক তথা AIUDFৰ নেতা আমিনুল ইছলামে মন্তব্য আগবঢ়াইছিল। আমিনুল ইছলামে দেৱাশীষ শৰ্মাক বিষাক্ত আখ্যা দিছিল। আমিনুল ইছলামৰ এই মন্তব্যৰ দুদিন পিছতে কংগ্ৰেছৰ প্ৰাক্তন সতীৰ্থ তথা বৰ্তমানৰ বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক লক্ষ্য কৰি কৰা কেইবাটাও মন্তব্যই ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। প্ৰদ্যুৎ বৰদলৈৰ দাবী, “কংগ্ৰেছৰ ভিলেইন হৈছে ৰকিবুল হুছেইন।” তেওঁৰ মতে, ৰকিবুল হুছেইনৰ জেদ আৰু ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ বাবেই কংগ্ৰেছ দল দুৰ্বল হৈ পৰিছে। বৰদলৈয়ে অভিযোগ কৰে যে বৰ্তমান কংগ্ৰেছৰ ভিতৰত দুটা স্পষ্ট ফৈদৰ সৃষ্টি হৈছে। তেওঁৰ ভাষাত, এটা ফৈদ ৰকিবুল হুছেইনৰ আৰু আনটো ফৈদ গৌৰৱ গগৈৰ। দলৰ ভিতৰত ব্যক্তি আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অধিক গুৰুত্ব পোৱাৰ বাবেই কংগ্ৰেছৰ সাংগঠনিক শক্তি ক্ষতিগ্ৰস্ত হৈছে বুলিও তেওঁ মন্তব্য কৰে।
ৰকিবুল হুছেইনৰ বিৰুদ্ধে আটাইতকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে তেওঁ “কেৱল মাত্ৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি” কৰে। বৰদলৈৰ মতে, কংগ্ৰেছত বহু সময়ত দলৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক অধিক প্ৰাধান্য দিয়া হয়। তেওঁ কয় যে এনে ৰাজনীতি অব্যাহত থাকিলে দলৰ ভিতৰত মতভেদ আৰু বিভাজন অধিক বৃদ্ধি পাব পাৰে। আনকি ৰকিবুল হুছেইনৰ বাবেই তেওঁ এটা সময়ত কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল বুলিও বৰদলৈয়ে দাবী কৰে।
ইয়াৰ মাজতে আগন্তুক নগাঁও উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈও প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছক কটাক্ষ কৰে। তেওঁৰ দাবী অনুসৰি, কংগ্ৰেছে এতিয়াও উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই। বৰদলৈয়ে বিজেপিৰ নেতা দেৱাশীষ শৰ্মাৰ জনপ্ৰিয়তাৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, দেৱাশীষ শৰ্মা কেৱল এটা বিশেষ শ্ৰেণীৰ মাজতেই নহয়, সংখ্যালঘু সমাজৰ মাজতো জনপ্ৰিয়। সেই কাৰণেই নগাঁও উপ-নিৰ্বাচন কংগ্ৰেছৰ বাবে সহজ নহ’ব বুলিও তেওঁ ইংগিত দিয়ে।
প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ আটাইতকৈ চৰ্চিত অংশ হৈছে তেওঁৰ এই দাবী—“ৰকিবুল হুছেইনৰ জেদৰ বাবেই এদিন কংগ্ৰেছ নিঃশেষ হ’ব।” এসময়ত একেটা ৰাজনৈতিক দলৰ সতীৰ্থ হিচাপে কাম কৰা দুগৰাকী নেতাৰ মাজৰ ৰাজনৈতিক মতভেদ যে এতিয়া যথেষ্ট গভীৰ হৈ পৰিছে, বৰদলৈৰ এই মন্তব্যত সেয়াই স্পষ্ট হৈছে। অৱশ্যে, ৰকিবুল হুছেইনক লৈ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে উত্থাপন কৰা অভিযোগ আৰু দাবীসমূহ তেওঁৰ নিজা ৰাজনৈতিক মন্তব্য। ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নগাঁও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসক-বিৰোধী দুয়ো পক্ষৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। এনে সময়তে প্ৰদ্যুৎ বৰদলৈৰ এই মন্তব্যই কংগ্ৰেছৰ ভিতৰৰ সমীকৰণ, নেতৃত্বৰ সংঘাত আৰু আগন্তুক নিৰ্বাচনৰ ৰাজনীতি পুনৰ চৰ্চালৈ আনিছে।
ইপিনে আজি নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰো প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। কংগ্ৰেছে লোকসভা সমষ্টিটোত এঘড়ি যুঁজ দিবলৈ শিৱামণি বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰাৰ্থিত্ব লাভ কৰিয়েই ‘নগাঁও সমষ্টিটো কংগ্ৰেছৰ’ বুলি মন্তব্য কৰে। অৱশ্যে জনতাৰ ৰায়ে নিৰ্ধাৰণ কৰিব প্ৰকৃততে নগাঁও লোকসভা সমষ্টিটো কাৰ হাতলৈ যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















