পত্নীক নিৰ্ম*মভাৱে হ*ত্যা কৰা বেলতলাৰ বশিষ্ঠপুৰ কাণ্ডৰ অভিযুক্ত ৰামানুজৰ আৰক্ষীৰ জিম্মাত মৃ*ত্যু ঘটে। মানৱতাৰ ক্ষুদ্ৰতম বৈশিষ্ট্যকণো হেৰুৱাই পেলোৱা ৰামানুজৰ দৰে দুৰ্ধ*ৰ্ষ অপৰাধী(ইতিমধ্যে ৰামানুজে স্বীকাৰ কৰিছে)য়ে এনেদৰে চৰম শাস্তি পোৱাৰ পিছতে স্বাভাৱিকতে ৰাজ্যৰ অধিকাংশ সাধাৰণ লোকেই স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে আৰক্ষীকো সমৰ্থন কৰিছে। ইপিনে ৰামানুজৰ মৃ*ত্যুৰ খবৰ পোৱাৰ পিছতে ৰামানুজৰ পিতৃয়ে আত্মসমৰ্পণ কৰাৰ পিছতো কেনেদৰে আৰক্ষীৰ জিম্মাত তেওঁৰ পুত্ৰৰ মৃ*ত্যু হ’ল বুলি প্ৰশ্ন কৰিছে।
বিগত ছয় বছৰত অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰু বিতৰ্ক সৃষ্টি হৈছে। বিশেষকৈ ২০২১ চনৰ মে’ মাহৰ পাছত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃ*ত্যু বা আহত হোৱাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি, ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ মে’লৈ আৰক্ষীৰ অভিযান বা জিম্মাত ৫১ জন অভিযুক্তৰ মৃ*ত্যু আৰু ১৩৯ জন আহত হৈছিল। অৱশ্যে, ইয়াৰ সকলো ঘটনাকে আইনী অৰ্থত ‘এন*কাউ*ণ্টাৰ’ বুলি ক’ব নোৱাৰি। কিছুমান ঘটনাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গু*লী চলোৱাৰ কথা কৈছে, কিছুমানত অভিযুক্তই পলাবলৈ চেষ্টা কৰা বুলি দাবী কৰিছে। আনহাতে, কিছুমান ঘটনাক লৈ পৰিয়াল আৰু মানৱ অধিকাৰ সংগঠনে ‘ভুৱা এ*নকাউ*ণ্টাৰ’ৰ অভিযোগো উত্থাপন কৰিছে। ২০২৫ চনত উচ্চতম ন্যায়ালয়ে ১৭১ টা অভিযোগযুক্ত এন*কাউ*ণ্টাৰৰ তদন্তৰ বাবে অসম মানৱ অধিকাৰ আয়োগক দায়িত্ব দিছিল।
বিগত ৬ বছৰত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃ*ত্যুৰ কেইটামান উল্লেখযোগ্য ঘটনা
১. ২০২১ৰ কোকৰাঝাৰৰ ডকাইতিৰ ঘটনা
২০২১ চনৰ আগষ্টত কোকৰাঝাৰ জিলাৰ ভোতগাঁও অঞ্চলত এটা বেংকত ডকাইতি চলোৱাৰ পৰিকল্পনা কৰা এটা দলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ মতে, চেংমাৰি অঞ্চলত আৰক্ষী আৰু সন্দেহযুক্ত ডকাইতৰ মাজত গু*লীয়াগু*লী হয়। এই ঘটনাত তিনিজন লোকৰ মৃ*ত্যু হয়। আৰক্ষীৰ দাবী আছিল যে ডকাইতৰ দলটোৱে প্ৰথমে গু*লী চলোৱাৰ পাছত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছিল।
২. ২০২২ৰ গুৱাহাটীৰ গণধৰ্ষ*ণৰ গোচৰ
২০২২ চনৰ মাৰ্চত গুৱাহাটীৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ গোচৰৰ অন্যতম মূল অভিযুক্ত বিকি আলী আৰক্ষীৰ গুলীত নি*হত হৈছিল। আৰক্ষীৰ মতে, ঘটনাস্থলীত scene recreationৰ বাবে লৈ যোৱাৰ সময়ত অভিযুক্ত বিকিয়ে পলাবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীৰ দলক আক্ৰমণ কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে গু*লী চলায়। ঘটনাটো গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছিল।
৩.২০২২ৰ ওদালগুৰিৰ শিশুৰ ধ*ৰ্ষণ-হত্যাৰ গোচৰ
বিকি আলীৰ ঘটনাৰ প্ৰায় ২৪ ঘণ্টাৰ ভিতৰতে ওদালগুৰি জিলাৰ মাজবাটত ৰাজেশ মুণ্ডা নামৰ ৩৮ বছৰীয়া এজন লোক আৰক্ষীৰ গু*লীত নি*হত হয়। ৰাজেশৰ বিৰুদ্ধে সাত বছৰীয়া শিশুক ধ*ৰ্ষণ আৰু হ*ত্যা কৰাৰ অভিযোগ আছিল। আৰক্ষীৰ মতে, জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত তেওঁক গু*লীয়াই আহত কৰা হয় আৰু চিকিৎসালয়ত মৃ*ত্যু হয়।
৪. ২০২২ৰ হাইলাকান্দিৰ কয়লা চোৰাং ব্যৱসায় কাণ্ড
২০২২ চনৰ মে’ মাহত কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা আব্দুল আহাদ চৌধুৰী নামৰ এজন সন্দেহযুক্ত কয়লা মাফিয়া আৰক্ষীৰ এন*কাউ*ণ্টাৰত নি*হত হয়। আৰক্ষীৰ মতে, তেওঁক হাইলাকান্দি জিলাৰ এখন গাঁৱলৈ লৈ যোৱাৰ সময়ত পলায়নৰ চেষ্টা কৰাৰ ফলতে গু*লীচালনা কৰা হয়। তেওঁক পূৰ্বেও একাধিকবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীৰ উদ্ধৃতিৰে সংবাদ প্ৰকাশ পাইছিল।
৫. ২০২৩ৰ ওদালগুৰিৰ কেনাৰাম বসুমতাৰী প্ৰসংগ
২০২৩ চনৰ ফেব্ৰুৱাৰীত ওদালগুৰিৰ ধনশিৰিখুটি-দাইফাং অঞ্চলত আৰক্ষীৰ গু*লীত এজন লোক নি*হত হয়। আৰক্ষীয়ে প্ৰথমে তেওঁক আত্মসমৰ্পণ কৰা বড়ো উ*গ্ৰপন্থী তথা ‘দুৰ্ধ*ৰ্ষ অপৰাধী’ কেনাৰাম বসুমতাৰী বুলি চিনাক্ত কৰিছিল আৰু ডকাইতিৰ পৰিকল্পনাৰ সৈতে জড়িত বুলি কৈছিল। কিন্তু পিছত তদন্তত এক গুৰুতৰ ভুল পোহৰলৈ আহে। নি*হত লোকজন আচলতে ডিম্বেশ্বৰ মুছাহাৰী বুলি পৰিয়ালৰ অভিযোগ আৰু DNA পৰীক্ষাৰ জৰিয়তে নিশ্চিত হয়। আৰক্ষীয়েও পৰৱৰ্তী সময়ত স্বীকাৰ কৰে যে নিহ*ত লোকজন কেনাৰাম নাছিল। ঘটনাটোৰ তদন্ত CIDলৈ হস্তান্তৰ কৰা হৈছিল। এই ঘটনাটোৱে অসম আৰক্ষীৰ এন*কাউ*ণ্টাৰ পদ্ধতিক লৈ যথেষ্ট প্ৰশ্নৰ সৃষ্টি কৰিছিল।
৬. ২০২৩ ULFA(I)ৰ কেডাৰ লাহন প্ৰসংগ
২০২৩ চনৰ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা-লেখাপানী অঞ্চলত আৰক্ষীৰ অভিযানত এজন ULFA(I) কেডাৰ নি*হত হয়। আৰক্ষীৰ মতে, লাহন নামৰ কেডাৰজনে ২০১২ চনত সংগঠনটোত যোগ দিছিল আৰু IED স্থাপনৰ ক্ষেত্ৰত বিশেষজ্ঞ আছিল। আৰক্ষীৰ দাবী অনুসৰি, এটা দল অঞ্চলটোত আত্মগোপন কৰি আছিল আৰু এজন ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰিছিল।
৭. ২০২৩ৰ গুৱাহাটীৰ শ্বাহ আলম তালুকদাৰ প্ৰসংগ
২০২৩ চনৰ ফেব্ৰুৱাৰীত হ*ত্যাৰ গোচৰত অভিযুক্ত শ্বাহ আলম তালুকদাৰ আৰক্ষীৰ গু*লীত নি*হত হয়। আৰক্ষীৰ মতে, তেওঁক গ্ৰেপ্তাৰৰ পিছত পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ ওপৰত গু*লী চলাইছিল আৰু আৰক্ষীৰ প্ৰত্যুত্তৰত তেওঁ গু*লীবিদ্ধ হয়।
৮.২০২৪ত কাছাৰত ৩ যুৱকৰ মৃত্যু প্ৰসংগ
২০২৪ চনৰ জুলাইত কাছাৰ জিলাৰ গংগানগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে জোছুৱা লালৰিংছান, লালবেইক্কুং আৰু লালুংৱাই নামৰ তিনিজন লোকক আটক কৰিছিল। আৰক্ষীৰ দাবী আছিল যে তেওঁলোক উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছিল আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত তেওঁলোক নি*হত হয়। কিন্তু নি*হতসকলৰ পৰিয়ালে এই দাবী অস্বীকাৰ কৰি তেওঁলোক কৃষক আছিল বুলি কয়। ঘটনাটোৰ পৰিস্থিতি আৰু আৰক্ষীৰ বৰ্ণনাক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছিল।
৯. ২০২৫ৰ কাজিৰঙাৰ চোৰাংচিকাৰী প্ৰসংগ
২০২৫ চনৰ মে’ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ যৌথ অভিযানত এজন সন্দেহযুক্ত চোৰাংচিকাৰী নি*হত হয়। আৰক্ষীৰ মতে, অস্ত্ৰধাৰী চোৰাংচিকাৰীৰ এটা দল উদ্যানত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পিছত অভিযান চলোৱা হৈছিল। ঘটনাস্থলীৰ পৰা এটা AK-56 ৰাই*ফল আৰু ১১ জাই সক্ৰিয় গু*লী উদ্ধাৰ কৰা হয়। নিহ*তজনৰ পৰিচয় তেতিয়ালৈ নিশ্চিত হোৱা নাছিল।
১০. গোৱালপাৰা সীমান্তৰ অস্ত্ৰধাৰী দল
২০২৫ চনৰ ছেপ্টেম্বৰত গোৱালপাৰা জিলাৰ ধূপধৰা অঞ্চলত আৰক্ষীৰ অভিযানত চাৰিজন সন্দেহযুক্ত অস্ত্ৰধাৰী লোক নি*হত হয়। আৰক্ষীৰ মতে, অসম-মেঘালয় সীমান্ত অঞ্চলত অস্ত্ৰধাৰী অপৰাধী ঘূৰি ফুৰাৰ তথ্য লাভ কৰাৰ পিছত বাহন তালাচীৰ বাবে আৰক্ষীয়ে বেৰিকেড স্থাপন কৰিছিল। আৰক্ষীৰ সৈতে গু*লীয়াগু*লীৰ পাছত চাৰিজন লোক নিহ*ত হয়।
১১. ৰে’লপথত বিস্ফো*ৰণৰ অভিযোগ
২০২৫ চনৰ অক্টোবৰত কোকৰাঝাৰ জিলাত ৰে’লপথত I*ED বিস্ফো*ৰণ সংঘটিত হোৱাৰ দুদিন পিছত এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু আৰক্ষীৰ এনকাউণ্টাৰত নি*হত হয়। আৰক্ষীৰ মতে, তেওঁ National Santhal Liberation Armyৰ সৈতে জড়িত আছিল আৰু ৰে’লপথত বিস্ফো*ৰণৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছিল। বিস্ফো*ৰণত ছালাকাটি আৰু কোকৰাঝাৰৰ মাজৰ প্ৰায় ৮–১০ ফুট ৰে’লপথ ক্ষতিগ্ৰস্ত হৈছিল।
১২. নলবাৰীৰ ৰোজ আলী ঘটনা
২০২৬ চনৰ মে’ মাহৰ শেষত নলবাৰী জিলাত AASUৰ নেতা মধুৰ্য্য বৰ্মনক আক্ৰমণ কৰি হ*ত্যা কৰা হয় আৰু তেওঁৰ ১৭ বছৰীয়া আত্মীয় ভগ্নীকো গুৰুতৰভাৱে আহত কৰা হয়। ইয়াৰ পিছত আৰক্ষীয়ে মূল অভিযুক্তসকলৰ এজন ৰোজ আলীক এন*কাউণ্টাৰ কৰে। ঘটনাৰ কিছুদিন পিছত মাধুৰ্য বৰ্মনৰ আত্মীয় ভগ্নীগৰাকীৰো হাস্পতালত মৃ*ত্যু হয়।
অসম আৰক্ষীৰ এন*কাউ*ণ্টাৰ সন্দৰ্ভত উপলব্ধ তথ্যই দেখুৱাই যে এই সময়ছোৱাত ঘটনা কেৱল এটা বিশেষ ধৰণৰ অপৰাধতে সীমাবদ্ধ নাছিল। ধ*ৰ্ষণ, হ*ত্যা, ড*কাইতি, কয়লা চোৰাং ব্যৱসায়, ড্ৰা*গছ, অ*স্ত্ৰধাৰী অপৰাধ আৰু উ*গ্ৰপন্থী কাৰ্যকলাপৰ অভিযোগত অভিযুক্ত লোকো আৰক্ষীৰ গু*লীত নি*হত হৈছে। ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ জানুৱাৰীলৈ অসম চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ২৮জন নি*হত আৰু ৭৩জন আহত হৈছিল; এই ঘটনাসমূহ ৰাজ্যখনৰ ২৭খন জিলাত সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত এই সংখ্যা আৰু বৃদ্ধি পায়। ২০২৫ চনৰ নৱেম্বৰলৈ অসম চৰকাৰৰ তথ্য অনুসৰি ২০২১ চনৰ মে’ৰ পৰা আৰক্ষীৰ এন*কাউ*ণ্টাৰ বা আৰক্ষীৰ জিম্মাত মুঠ ৮০জনৰ মৃ*ত্যু হৈছিল। ইয়াৰে ৩৯জন আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আৰু ৪১জনক আনুষ্ঠানিকভাৱে ৰিমাণ্ডলৈ নিয়াৰ পূৰ্বে মৃ*ত্যু হোৱা বুলি চৰকাৰে জনাইছিল।
এই পৰিপ্ৰেক্ষিততে ২০২৫ চনত উচ্চতম ন্যায়ালয়ে ১৭১টা অভিযোগযুক্ত এন*কাউ*ণ্টাৰ-সম্পৰ্কীয় ঘটনাৰ তদন্ত অসম মানৱ অধিকাৰ আয়োগক কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ নথিত চৰকাৰে দাখিল কৰা ৪১টা মৃ*ত্যুৰ ঘটনাৰ ভিতৰত মাত্ৰ পাঁচটাতহে তেতিয়ালৈ চাৰ্জশ্বীট দাখিল হোৱা বুলি উল্লেখ কৰা হৈছিল।
অসম চৰকাৰে বিধানসভাত দিয়া তথ্য অনুসৰি ১০ মে’ ২০২১ৰ পৰা ১৯ নৱেম্বৰ ২০২৫লৈ আৰক্ষীৰ জিম্মাত বা আৰক্ষীৰ অভিযান/গু*লীচালনাৰ সৈতে জড়িত ঘটনাত মুঠ ৮০জন অভিযুক্তৰ মৃ*ত্যু হৈছিল। ইয়াৰে ৩৯জন আৰক্ষীৰ জিম্মাত থকাৰ সময়ত আৰু ৪১জনক আদালতত আনুষ্ঠানিকভাৱে হাজিৰ কৰি ৰিমাণ্ডলৈ নিয়াৰ পূৰ্বে মৃ*ত্যু হোৱা বুলি চৰকাৰে জনাইছে।
বছৰ অনুসৰি এই পৰিসংখ্যাটো আছিল—
বছৰ মৃত্যু
২০২১ ৩১
২০২২ ১৮
২০২৩ ১৩
২০২৪ ১০
২০২৫ (১৯ নৱেম্বৰলৈ) ৮
মুঠ ৮০
ইয়াৰ উপৰি একে সময়ছোৱাত ২২৩জন সন্দেহযুক্ত অপৰাধী আৰক্ষীৰ গু*লীচালনাত আহত হৈছিল বুলি বিধানসভাত তথ্য দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















