মুম্বাইৰ ভয়ংকৰ যান-জঁটত আৱদ্ধ হৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজৰ পূৰ্বৰ কামৰ কথাকে উল্লেখ কৰি এক বিশেষ মন্তব্য কৰে। শনিবাৰে মুম্বাইত অনুষ্ঠিত ‘ইণ্ডো-আমেৰিকান কৰ্প’ৰেট এক্সেলেন্স এৱাৰ্ডছ’ অনুষ্ঠানত উপস্থিত হ’বলৈ গাডকাৰীৰ প্ৰায় এঘণ্টা পলম হয়। অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে ৱৰ্লিৰ পৰা ওলাই অহাৰ পিছত তেওঁ যান-জঁটত আবদ্ধ হৈ পৰিছিল। কিন্তু যান-জঁটৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ পৰিৱৰ্তে তেওঁ কয়, “সঁচা কথা ক’বলৈ গ’লে, মই নিজৰেই ভুলৰ মূল্য ভৰিছোঁ।” তেওঁৰ এই মন্তব্য শুনি অনুষ্ঠানত উপস্থিত লোকসকলে হাঁহি উঠে।
গাডকাৰীয়ে কয় যে ১৯৯৫ চনৰ পৰা ২০০০ চনৰ ভিতৰত তেওঁ মহাৰাষ্ট্ৰৰ লোকনিৰ্মাণ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ সময়ত মুম্বাইত ৫৫খন উৰণীয়া সেতু নিৰ্মাণৰ লগতে বান্দ্ৰা-ৱৰ্লি ছী লিংক আৰু মুম্বাই-পুনে এক্সপ্ৰেছৱে নিৰ্মাণৰ সুযোগ লাভ কৰিছিল। তেওঁ কয় যে সেই সময়ত নিৰ্মাণ কৰা আন্তঃগাঁথনিসমূহে তেতিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সহায় কৰিছিল। কিন্তু বিগত কেইটামান দশকত মুম্বাইত যান-বাহনৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলত পুৰণি প্ৰযুক্তিৰে নিৰ্মাণ কৰা বহু উৰণীয়া সেতু আৰু পথ বৰ্তমানৰ যান-বাহনৰ চাপৰ বাবে পৰ্যাপ্ত হৈ থকা নাই।
গাডকাৰীৰ মতে, বৰ্তমান যি আধুনিক প্ৰযুক্তি উপলব্ধ, সেইবোৰ সেই সময়ত নাছিল। সেয়ে এতিয়া পুৰণি আন্তঃগাঁথনিক নতুন প্ৰযুক্তিৰে উন্নত কৰাৰ প্ৰয়োজন হৈছে।
তেওঁ লগতে কয় যে তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছক পৰামৰ্শ দিছে—কেৱল পৰম্পৰাগত নক্সা আৰু পদ্ধতিৰ ওপৰত নিৰ্ভৰ নকৰি পুৰণি উৰণীয়া সেতুৰ ঠাইত আধুনিক প্ৰযুক্তিৰে নতুন উৰণীয়া সেতু নিৰ্মাণ কৰিব লাগে।
গাডকাৰীৰ এই মন্তব্যৰ মূল বক্তব্য হৈছে—সময়ৰ সৈতে যান-বাহনৰ সংখ্যা আৰু নগৰৰ প্ৰয়োজন সলনি হৈছে। সেয়ে মুম্বাইৰ দৰে বৃহৎ মহানগৰৰ যানজঁট নিয়ন্ত্ৰণ কৰিবলৈ পুৰণি আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ নকৰি আধুনিক প্ৰযুক্তি আৰু নতুন পৰিকল্পনাৰে পথ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















