অসম লাইভ২৪ঃ প্ৰাকৃতিক বিপৰ্যয়ৰ আশংকা আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভয় বুকুত বান্ধিয়েই যাত্ৰা আৰম্ভ কৰিছে ভক্তসকলে। অমৰনাথ যাত্ৰাৰ বাবে প্ৰথমটো দল ৰাওনা হৈছে। শনিবাৰে প্ৰথমটো দল ৰাওনা হৈছে অমৰনাথ অভিমুখে। প্ৰায় ৩৮৮৮জন তীৰ্থযাত্ৰীৰ প্ৰথমটো দল খোজ আৰু ঘোঁৰাৰে অমৰনাথ গুহাৰ উদ্দেশ্যে ৰাওনা হৈছে। জম্মু কাশ্মীৰ প্ৰশাসনে প্ৰকাশ কৰিছে এই তথ্য। আগন্তুক ৩১ আগষ্ট পৰ্যন্ত ৬২দিন ধৰি অমৰনাথ যাত্ৰা চলিব।
জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল(লেফ্টেনেণ্ট গভৰ্ণৰ) মনোজ সিংহই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ স্বাচ্ছন্দ্য আৰু নিৰাপত্তাৰ দিশটোক বিশেষভাৱে নজৰ দিছে প্রশাসনে। অতীতত হোৱা কেইবাটাও ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অমৰনাথ যাত্ৰাপথত বিশেষ ব্যৱস্থা কৰিছে প্রশাসনে। সমগ্ৰ যাত্ৰাপথত বিভিন্ন ঠাইত ড্ৰোণৰ জৰিয়তেও নজৰ ৰাখিব।
ইয়াৰোপৰি প্ৰাকৃতিক বিপৰ্যয় মোকাবিলাৰ বিষয়টোৱেও বিশেষ গুৰুত্ব লাভ কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈয়ো বিশেষ ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ