অসম লাইভ২৪ঃ হঠাতেই এটা ঝাটকা অনুভৱ কৰিছিল ভেংকটেশে। তাৰপাছতেই ভেংকটশৰ চকুৰ সন্মুখতেই এজনৰ গাত এজন যাত্ৰী বাগৰি পৰিছিল। তেতিয়ালৈ ডবাটোৰ ভিতৰৰ প্ৰায়সমূহ লাইট নুমাই গৈছিল। ভেংকটশে অনুমান কৰিছিল ডাঙৰ কিবা এটা ঘটনাই হৈছে। এক মুহূৰ্তও দেৰী নকৰি ভেংকটশে কলকাতাৰ নিজৰ উৰ্দ্ধতন কৰ্তৃপক্ষক ফোন কৰি জনাইছিল যে তেওঁ যাত্ৰা কৰি থকা ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে। ভেংকটশ, সম্পূৰ্ণ নাম ভেঙ্কটেশ এন কে এগৰাকী এনডিআৰএফৰ জোৱান। পশ্চিমবংগত তেওঁ কৰ্মৰত। এনডিআৰএফৰ ছেকেণ্ড বেটেলিয়ান হিচাপে কৰ্মৰত ভেঙ্কটেশ।
পশ্চিমবংগত কৰ্মৰত হ’লেও ভেঙ্কটেশৰ ঘৰ তামিলনাডুত। ছুটি লৈ ভেঙ্কটেশে কৰমণ্ডল এক্সপ্ৰেছত ঘৰলৈ গৈ আছিল। ভেঙ্কটেশ আছিল থ্ৰি টায়াৰ এছি কোছত। তেওঁৰ ছিট নম্বৰ আছিল ৫৮। ওড়িশাৰ বালাছোৰৰ বাহানগা ষ্টেচনৰ ওচৰত যেতিয়া হঠাতেই এই দুৰ্ঘটনা সংঘটিত হয়, দুৰ্ঘটনাৰ লগে লগেই এনডিআৰএফৰ কণ্ট্ৰল ৰুমত প্ৰথমে খবৰ দিছিল ভেঙ্কটেশে। সংবাদ সংস্থা পিটিআইক এই খবৰ জনাইছে এনডিআৰএফৰ উৰ্দ্ধতন কৰ্তৃপক্ষই।
খবৰ পঠিয়াইয়ে শান্ত নাথাকি ভেঙ্কটেশে তেওঁৰ সহযাত্ৰীক উদ্ধাৰ কৰিবলৈকো চেষ্টা কৰিছিল। মোবাইলৰ টৰ্চ জ্বলাই তেওঁৰ আশে পাশে থকা বহুকেইগৰাকী আহত যাত্ৰীক ডবাৰ পৰা ওলিয়াই আনে ভেঙ্কটেশে। উদ্ধাৰ কৰা আহত যাত্ৰীকেইগৰাকীক এখন দোকানত বহুৱাই পুনৰ মোবাইল টৰ্ছ জ্বলাই আন যাত্ৰীক উদ্ধাৰৰ বাবে দৌৰিছিল ভেঙ্কটেশে। ভেঙ্কটেশে সংবাদ সংস্থা পিটিআইক ফোনযোগে দিয়া সাক্ষাৎকাৰত কয় ‘ডবাৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে মই পাৰ্যমানে চেষ্টা কৰিছিলো।
ডবাৰ ভিতৰত তেতিয়া ঘন আন্ধাৰ। মোবাইলৰ টৰ্ছ জ্বলাই যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা কৰিছিলো। তেতিয়ালৈ সেই স্থানত স্থানীয় বাসিন্দাসকলো উপস্থিত হৈছিলহি।
তেওঁলোকেও উদ্ধাৰকাৰ্যত সহায় কৰিছিল। তেতিয়ালৈ উদ্ধাৰকাৰী দল আহি পাইছিল। উদ্ধাৰকাৰী দল আহি পোৱালৈ আমি প্ৰাথমিকভাৱে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিয়েই দিছিলো।’
ভেঙ্কটেশে লগতে কয়, ‘এই সংকটময় মুহূৰ্তত স্থানীয় লোকসকলে দেৱদূতৰ দৰে হাজিৰ হৈছিল। যিয়ে যেনেকৈ পাৰে সহায় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকেই প্ৰকৃত ত্ৰাণকৰ্তা। ঘটনাস্থলীত উদ্ধাৰকাৰী দল আহি পাইছিল ঘটনাৰ এঘণ্টা পাছত।’
ভেঙ্কটেশৰ এই কাৰ্যৰ শলাগ লৈ তেওঁৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কয়, ‘ইউনিফৰ্ম গাত থাকক বা নাথাকক, এজন এনডিআৰএফ জোৱানে সকলো সময়তে অন ডিউটিত থাকে।’ শুকুৰবাৰে সন্ধিয়া ৭ বজাত বালাছোৰৰ ষ্টেচনৰ কাষতেই কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হৈছিল। ২১ টা ডবা এই দুৰ্ঘটনাত লাইনচ্যুত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ