উফি প্ৰায় সকলো লোকৰে হয়। সম পৰিমাণৰ নাৰিকল তেল, নিম তেল আৰু আধা চাহ চামুচ নেমুৰ বাকলিৰ গুড়ি মিহলাই লওক। এই মিশ্ৰণটো নিশা মূৰত লগাই থব। কমেও দুঘণ্টা লগাই থোৱাৰ পাছতো মূৰ শ্বেম্পুৰে ধুই পেলাব পাৰে। তাৰ পাছত এক চাহ চামুচ ডেটল এমগ পানীত মিহলাই লওক। এই পানীৰে পুনৰ চুলিখিনি ধুই পেলাওক। চুলি স্বাভাৱিকভাৱে শুকাবলৈ দিব। ড্ৰায়াৰ ব্যৱহাৰ নকৰিব। সপ্তাহত কমেও তিনিবাৰ এই পদ্ধতিৰে চুলিখিনি প্ৰতিপাল কৰক। তদুপৰি সপ্তাহত এবাৰ এবাতি জেতুকাৰ পাত, আধাকাপ নিম পাত, আধাকাপ নেমু টেঙাৰ বাকলিৰ গুড়ি মিহলাই চুলিত লগাব। এঘণ্টামানৰ পাছত ধুই পেলাব। জেতুকা পাতৰ সলনি নার্জি ফুলো ব্যৱহাৰ কৰিব পাৰে। এই প্ৰলেপ লগাই ৰ’দলৈ নোলাব। মূৰ ধুই চুলি সেমেকা কৰি নাৰাখিব। গাৰুৰ কভাৰ, ফণী, টাৱেল আদি পৰিষ্কাৰ কৰি ৰাখিব। ডেটল পানীৰে এইবিলাক ধুই ৰ’দত শুকুৱাব। এনে দৰে চলিলে এমাহৰ ভিতৰত উফিৰ পৰা পৰিত্ৰাণ পাব। ভিটামিন ‘এ’ আৰু ‘চি’যুক্ত খাদ্য খাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















