অসম লাইভ২৪ঃ কি হ’ব ধৰিছে ৰাজ্যত! এইবাৰ এজন প্ৰেমিকক লৈ মাতৃ আৰু কন্যাৰ মাজত টনা আঁজোৰা৷ শেষত কন্যাৰ প্ৰেমিকক লৈ পলাল পাঁচটা সন্তানৰ মাতৃ৷ পাঁচটা সন্তানক লগত লৈ এতিয়া নিৰূপায় স্বামী ওচৰ চাপিল আৰক্ষীৰ৷ ঘটনাক লৈ এতিয়া বিমোৰত পৰিছে গোলাঘাট আৰক্ষী৷
এজন প্ৰেমিকক লৈ মাতৃ কন্যাৰ টনাটনি। আজন্ম প্ৰেমিকজনে প্ৰথমে কন্যাক পলুৱাই নি পৰিয়ালৰ ৰোষত পৰি কন্যাক উভতাই দি শাহুৱেকক পলুৱাই নিয়ে৷ গোলাঘাট কছাৰীহাটৰ মইলুদ্দিন নামৰ এজন যুৱকে পলুৱাই নিছে প্ৰেমিকজনে৷ ২০২২ চনৰ ২৬ ডিচেম্বৰ তাৰিখে এগৰাকী নাবালিকাক পলুৱাই নিয়াৰ পিছত বয়স কম হোৱাৰ বাবে ৩০ ডিচেম্বৰ তাৰিখে পৰিয়ালৰ লোকে উভতাই আনে যুৱতীগৰাকীক৷
কন্যাক বিয়া কৰাবলৈ নাপাই মইলুদ্দিনে কেইদিনমানৰ পুৰ্বে লৈ যায় পাঁচটা সন্তানৰ মাতৃক৷ যাৰ বাবে এতিয়া নিৰূপায় পিতৃয়ে পাঁচটা সন্তানক লগত লৈ কাষ চাপিছে গোলাঘাট আৰক্ষী থানাত। যাৰ বাবে এতিয়া বিমোৰত পৰিছে গোলাঘাট আৰক্ষী৷ স্বামীয়ে ল’ৰা ছোৱালীকেইটাৰ বাবে পুনৰ যদি ঘুৰি আহেও তেতিয়া পত্নী ৰূপে গ্ৰহণ কৰিবলৈও সাজু বুলি উল্লেখ কৰে৷ স্বামীয়ে উল্লেখ কৰা অনুসৰি মইলুদ্দিনে অধিক সুৰাপান কৰাৰ লগতে আছিল বেয়া অভ্যাসো যাৰ বাবে মইলুদ্দিনলৈ ছোৱালী দিবলৈ মন নাছিল স্বামীৰ৷ কিন্তু পত্নীকেই মইলুদ্দিনে লৈ যোৱাত বিমোৰত পৰিছে স্বামী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ