অসম লাইভ২৪ঃ তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলাই চৰ্চাত চিকিৎসক দম্পতি। ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম আৰু এগৰাকী বনকৰা মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
বৃহস্পতিবাৰে চিকিৎসক দম্পতিৰ তোলনীয়া সন্তানক অত্যাচাৰ কৰাৰ অপৰাধত তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু এগৰাকী বনকৰা মহিলা। বৃহস্পতিবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পল্টনবজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক চাইল্ড লাইনৰ হাতত গটাই দিয়ে।
ঘটনা সন্দৰ্ভত শুকুৰবাৰে শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে। চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে। শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগলগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে।
চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছে। ২০১৭ চনতো শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল ৱালিউলৰ বিৰুদ্ধে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছতেই শিশু সুৰক্ষা আয়োগত উপস্থিত হৈছিল অভিযুক্ত চিকিৎসকগৰাকী। ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰো অভিযোগ আছে।
উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টাও চলাইছিল। লগে লগেই চিকিৎসকগৰাকীক জি এম চি এইচত ভৰ্তি কৰাই পল্টন বজাৰ আৰক্ষীয়ে। ইপিনে অভিযুক্ত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই পলায়ন কৰা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ