• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমৰেডৰ কাষৰ পৰা…

কমৰেডৰ কাষৰ পৰা…

6 years ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

24 minutes ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

2 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

3 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

4 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

4 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

5 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

16 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

17 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

18 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

19 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

কমৰেডৰ কাষৰ পৰা…

editor by editor
August 30, 2020
in লেখা
0
কমৰেডৰ কাষৰ পৰা…
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এই শুনা, মোৰ উপন্যাসখন তোমালৈ পঠাই দিছো। তুমি পঢ়ি চাবা। ভাল লাগিলে অগ্ৰদূতত কিবা এটা লিখিবা, বেয়া লাগিলে নিলিখিবা।’ কমৰেডে ফোনতে ক’লে। উপন্যাসখন হাতত পৰিল।‘লুইতত উঠিলে বান।’ এখন সৰু কলেৱৰৰ উপন্যাস।

আমি অসমৰ ৰাজনীতিত সততা আৰু জাতীয়তাবাদী চিন্তা-চেতনাৰে যুগৰ সৃষ্টি কৰি যোৱা গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বা সেই পৰ্যায়ৰ ৰাজনীতিকসকলক দেখাৰ সৌভাগ্য নহ’ল। আমাৰ সৌভাগ্য হ’ল, আমি একেবাৰে কাষৰ পৰা পালো শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰা আৰু হেমেন দাসক। সৎ মানুহ বুলি কিতাপে পত্ৰই যি সংজ্ঞা নিৰ্ধাৰণ কৰা আছে, বাস্তৱত সেই সংজ্ঞাৰ বহনকাৰী মানুহজনক ওচৰৰ পৰা পাই অনুভৱ কৰিছো, জীৱনত সুখী হ’বলৈ ইয়াতকৈনো আৰু কি লাগে! ভাৰতীয় কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি এমৰ পলিটব্যুৰৰ সদস্য হেমেন দাসক আপুনিও এবাৰৰ বাবে লগ কৰিবচোন! হেঙেৰাবাৰীৰ হাউছিং কলনিৰ তিনিটা কোঠাৰ এটা সাধাৰণ ঘৰত পত্নীৰে সৈতে এটা অসাধাৰণ জীৱন কটাই আছে হেমেন দাসে। ৯০ বৰ্ষীয় হেমেন দাস এতিয়াও ৰাজনৈতিকভাৱে অত্যন্ত সক্ৰিয়। ব্যক্তিগত জীৱনত কি পালে, কি নাপালে তাৰ কোনো হিচাপ কৰা নাই। সাধাৰণ মানুহৰ মাজত জীৱনৰ ৯০ বছৰলৈকে পাৰ কৰা কমৰেড হিচাপে পৰিচিত হেমেন দাস আজিৰ ৰাজনীতিকৰ বাবে আদৰ্শ নহ’লেও আজিৰ ৰাজনীতিকৰ মুখত চূণ সানিবৰ বাবে এইজন মানুহৰ আদৰ্শই যথেষ্ট।

হেমেন দাস

হেমেন দাসৰ দৰে এজন মানুহ আজিও আমাৰ মাজত সোশৰীৰে আছে। নতুন প্ৰজন্মৰ বহুতেই হেমেন দাসক নাজানে। ঠিক নাজানে বুলি ক’লে ভুল কোৱা হ’ব। নতুন প্ৰজন্মৰ যিসকল যুৱক-যুৱতী অধ্যয়ন পিপাসু, যিসকলে কিতাপ পঢ়ে, যিসকলে অসমৰ লগতে ভাৰতৰ, পৃথিৱীৰ সমাজ জীৱন আৰু ৰাজনীতিৰ খবৰ ৰাখে, তেওঁলোকৰ বাবে হেমেন দাস সততাৰ প্ৰতীক। তেওঁলোকৰ বাবে হেমেন দাস আদৰ্শ।

অসমত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰ পৰা ৰাজনীতি আৰু সমাজ জীৱনত আৰম্ভ হোৱা মূল্যবোধৰ পতনৰ ধাৰক-বাহক হিচাপে পৰৱৰ্তী সময়ত আমি তিনিজন মুখ্যমন্ত্ৰী লাভ কৰিলো। তেওঁলোক প্ৰত্যেকে তেওঁলোকৰ কাম-কাজৰ মাজেদি হিতেশ্বৰ শইকীয়াকে অনুসৰণ কৰিলে। বিভাজনৰ মাজেদি ৰাজনীতি কৰা, বিধায়কৰ পৰা আৰম্ভ কৰি দল-সংগঠনৰ নেতালৈকে ক্ৰয় কৰাৰ ৰাজনীতি ১৯৮৩ চনৰ পৰা ২০২০লৈকে আমি প্ৰত্যক্ষ কৰিলো। অসমৰ মূল সমস্যাসমূহ সমাধানৰ সলনি এই সমস্যাবোৰ উত্থাপন কৰা দল-সংগঠনৰ নেতাক ক্ৰয় কৰাৰ যি ৰাজনীতি হিতেশ্বৰ শইকীয়াই আৰম্ভ কৰিছিল, তাৰ যেন শেষ নহ’ল। এই ৰাজনীতিক নতুন ৰূপ দি প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু এতিয়া সৰ্বানন্দ সোণোৱালে এখন বজাৰৰ সৃষ্টি কৰিছে। এই বজাৰত আলফাৰ পৰা ছালফালৈকে, জনজাতিকৰণৰ দাবী তোলা নেতাৰ পৰা ‘কা’ বিৰোধী আন্দোলনৰ নেতালৈকে কোন বিক্ৰী যোৱা নাই! আমি সকলো যেন পণ্য! গ্ৰাহক হ’ল চৰকাৰ! চৰকাৰে কিনে বাবে আমি বিক্ৰী যাওঁ!

প্ৰতিশোধৰ ৰাজনীতিৰো শেষ নাই। চৰকাৰক সমালোচনা কৰোতে হিতেশ্বৰ শইকীয়াৰ দিনতো সাংবাদিক, সম্পাদক, সমাজকৰ্মীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰৰ বন্ধ কুঠৰিত আবদ্ধ কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতো সাংবাদিক, সম্পাদক, সমাজকৰ্মীক চৰকাৰক সমালোচনা কৰাৰ ‘অপৰাধ’তে আটক কৰি জেলত বন্দী কৰিছিল। তৰুণ গগৈ চৰকাৰৰ দিনত এই নিৰ্যাতনৰ পৰা সংবাদ জগতে নিস্তাৰ পাইছিল যদিও সেই সময়ত যুৱ কংগ্ৰেছ, এন এছ ইউ আয়ে ছিণ্ডিকেট স্থাপনৰ জৰিয়তে ৰাইজৰ জেপ কাটিছিল। কেইজনমান মন্ত্ৰী কেইবাশ কোটি টকাৰ গৰাকী হৈছিল। মুকলিকৈ লুণ্ঠন কৰিছিল ৰাজকোষৰ ধন। তৰুণ গগৈয়ে নীৰৱে এইসকল মন্ত্ৰীক আবৰি সামৰি ৰাখিছিল। এয়া জানো তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ ভুল নহয়! অসমীয়া মানুহৰ চৰিত্ৰ সলনি কৰাৰ বাবে তৰুণ গগৈ কিয় দোষী নহ’ব!

কপালত চন্দনৰ দীঘল ফোট, মুখত কৃষ্ণ নাম আওৰাই থকা সৰ্বানন্দ সোণোৱালেও অসমত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। চৰকাৰখনৰ যিজন মন্ত্ৰীৰ ওপৰত মুখ্যমন্ত্ৰীকে ধৰি আটায়ে নিৰ্ভৰশীল, সেই মন্ত্ৰীয়ে জ্যেষ্ঠজনক ৰাজহুৱাকৈ অপমান কৰি গৈছে। এখন আইনৰ বিৰোধ কৰাৰ বাবে অখিল গগৈক ১২ ডিচেম্বৰ, ২০১৯ৰ পৰা এতিয়ালৈকে বন্দীশালত থৈছে। চৰকাৰক সাধাৰণভাৱে কৰা এটা সমালোচনাৰ বাবে ২২ বছৰীয়া দ্বীপজ্যোতি গগৈ নামৰ এজন ছাত্ৰক পোতাশাললৈ নিক্ষেপ কৰিছে। এতিয়া কোনেও মুখ খুলি কথা ক’ব নোৱৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰ আৰু শাসক দলৰ প্ৰচেষ্টাত। ৰাজ্যৰ যেনিয়ে তেনিয়ে ধৰ্মৰ বেপাৰীবোৰে পিয়াপি দিছে। সংবিধানৰ ধৰ্মনিৰপেক্ষ শব্দটোক ভেঙুচালি কৰি শিলাদিত্য, সত্যৰঞ্জন জাতীয় চৰিত্ৰবোৰে ইছলামক গালি পাৰি গৈছে। চৰকাৰৰ নীৰৱতাই এনেবোৰ কাৰ্যৰ প্ৰতি সমৰ্থন থকাটোকে প্ৰতিপন্ন কৰিছে।

আমাৰ দৰে ‘হিন্দু’ৱে এতিয়া কেৱল ছটফটইছো। মোৰ পিতৃ পুৰুষৰ ধৰ্ম বৈষ্ণৱ। বৈষ্ণৱ আৰু চৰকাৰৰ দ্বাৰা পৃষ্ঠপোষকতা লাভ কৰা হিন্দু ধৰ্মৰ মাজত কিন্তু আকাশ-পাতাল পাৰ্থক্য। আমি বলি-বিধান নামানো। আমি যাগ-যজ্ঞ, পূজা-পাতলো নকৰো। আমাক হিন্দু বুলি ক’বনে? আমি শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী। আমি কোনো মূৰ্তিৰ সন্মুখত শিৰনত নকৰিলেও আন ধৰ্মৰ প্ৰতি বিদ্বেষ নকৰিবলৈ গুৰুজনাই কৈ গৈছে। এনেকৈয়ো জানো জীয়াই থাকিব নোৱাৰি?

প্ৰায়ে হেঙেৰাবাৰীলৈ যাওঁ। কমৰেড হেমেন দাসৰ কাষলৈ। চি পি এমৰ বৰ্ষীয়ান নেতাগৰাকীক ব্যক্তিগতভাৱে খুৰা বুলি সম্বোধন কৰিলেও তেওঁৰ জীৱনশৈলীয়ে আমাক বহু কথা শিকাইছে। আজিৰ যুগত ৰাজনীতিকে নিজৰ প্ৰচাৰ চলাবলৈ নিউজ চেনেল, বাতৰি কাকত খুলি লয়। পুৱাৰ পৰা নিশালৈকে নিজৰ প্ৰচাৰ চলায়। বিয়াগোম বুদ্ধিজীৱী, সাংবাদিকক দৰমহা দি পোহপাল দিয়ে আজিৰ ৰাজনীতিকে। এনেকুৱা ৰাজনীতিকৰ ওচৰত মানুহৰো ভিৰ। ইয়াৰ বিপৰীতে হেমেন দাসৰ দৰে ৰাজনীতিকে হেঙেৰাবাৰীৰ উৱলি যোৱা হাউছিং কলনিত সত্য আৰু সুন্দৰৰ আৰাধনাৰে মানুহৰ বাবে জীৱনৰ সমস্ত সময় ব্যয় কৰিছে। এযোৰ সাধাৰণ অথচ পৰিষ্কাৰ পোছাকেৰে হেমেন দাস আজিৰ অসমৰ আটাইবোৰ ৰাজনীতিকতকৈ ব্যতিক্ৰম।

হেমেন দাসে উপন্যাস লিখিছে। ইতিমধ্যে তেওঁ লিখা দুখন উপন্যাস পঢ়াৰ সৌভাগ্য হৈছে। সমাজবাদ কি, কমিউনিজিম কি, কমিউনিষ্ট কি, সেয়া কিতাপ পঢ়ি আজিৰ প্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে জানিব পাৰিছে। কিন্তু হেমেন দাসক কাষৰ পৰা যিসকলে পাইছে, তেওঁলোকে এনেকুৱা একো কিতাপ পঢ়াৰে প্ৰয়োজন নাই। হেমেন দাসক অধ্যয়ন কৰক আৰু তেতিয়া কমৰেড, সমাজবাদ, কমিউনিষ্টৰ এক লাখ পৃষ্ঠাৰ এখন বৃহৎ গ্ৰন্থ পঢ়াৰ সমান অভিজ্ঞতা অৰ্জন কৰিব পাৰিব।

চাওকচোন আজিৰ যিসকল মন্ত্ৰীক আমি টেলিভিছনৰ পৰ্দা নতুবা বাতৰি কাকতৰ পাতত দেখিবলৈ পাওঁ, তেওঁলোকৰ আচৰণ আৰু সম্পত্তিৰ তালিকাখনৰ বাহিৰে ৰাজহুৱা জীৱনত আছে কি? ইয়াৰ বিপৰীতে ১২০০ বৰ্গ ফুটৰ ফ্লেটৰ আৱাসী হেমেন দাসৰ জীৱনত ধন-সম্পত্তিৰ বাহিৰে আন সকলোৰে উপস্থিতি দেখিবলৈ পাওঁ।

কোনোবাই চে’ৰ টুপীটো পিন্ধি নিজকে কমিউনিষ্ট, সমাজবাদী বুলি ঘোষণা কৰিছে। পৃথিৱীত কোনো সমাজবাদী, কমিউনিষ্টে নিজক এনেদৰে ঘোষণা কৰাৰ প্ৰয়োজন নাই। টুপী পিন্ধিলেই চে’ বা কাষ্ট্ৰ’ৰ অনুগামী হ’ব নোৱাৰে। হেমেন দাসে কেতিয়াও এনেকুৱা টুপী পিন্ধাও নাই আৰু কাকো তেওঁ যে কমিউনিষ্ট, সেইটোও ক’বলগীয়া হোৱা নাই। তেওঁৰ ৰাজনৈতিক জীৱন ত্যাগ আৰু সততাৰ। ৰাজহুৱা জীৱনত গ্ৰহণ কৰি অহা স্থিতিয়ে হেমেন দাসক ষোল্লঅনাই এজন কমিউনিষ্ট বুলি কেতিয়াবাই প্ৰতিপন্ন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hemen dasjitumoni bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
লকডাউনে শেষ কৰিছে স্বাৱলম্বী মহিলাৰ জীয়া সপোন

লকডাউনে শেষ কৰিছে স্বাৱলম্বী মহিলাৰ জীয়া সপোন

কংগ্ৰেছলৈ আহি আছে আৰু এদল শিল্পী। ইয়াত আপত্তি কৰিবলগীয়া কি আছে?

কংগ্ৰেছলৈ আহি আছে আৰু এদল শিল্পী। ইয়াত আপত্তি কৰিবলগীয়া কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.