অসম লাইভ২৪ঃ আৰক্ষী আৰু প্ৰশাসনৰ নিৰ্দেশত ঘৰৰ পৰা ওলাব নোৱাৰে। ভাৰতলৈ পলাই আহি বিপদত এতিয়া সীমা। খাবলৈ নাই, হাতত কামো নাই, সাঁচতীয়া টকাও প্ৰায় শেষ। অনবৰতে ইউটিউবাৰ, সংবাদমাধ্যমে ঘৰত ভীৰ কৰি থাকে। মহা-সমস্যাত পৰিছে সীমা-শচীন। শচীন-সীমাৰ ঘৰত হোৱা সংবাদমাধ্যম ইউটিউবাৰৰ ভীৰৰ বাবেই ভাড়াঘৰৰ মালিকেও ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে।
গ্ৰেটাৰ নয়ডাৰ বিশেষ ভাড়াঘৰটো এৰি আন এটা ভাড়াঘৰ লৈছে শচীন-সীমাই। ঘৰ সলনি কৰিলেও আৰক্ষীৰ চোকা নজৰত আছে সীমা-শচীন। গৃহবন্ধি কৰি ৰখা হৈছে সীমা-শচীনৰ পৰিয়ালটোক। শচীনৰ পিতৃ নেত্ৰপালে সংবাদ মাধ্যমৰ সন্মুখত দিছে বিশেষ সাক্ষাৎকাৰ। পিতৃয়ে কয়, ‘আমি এদিনৰ সাঁজ এদিন কাম কৰিলে আহে। দিনহাজিৰা কৰিয়েই খাওঁ আমি। কিন্তু আৰক্ষীৰ নিৰ্দেশত এতিয়া আমি ঘৰৰ পৰা ওলাব নোৱাৰো। গৃহবন্দী হৈ থকাৰ বাবে আমাৰ ঘৰত এতিয়া খাবলৈকো নাই। পৰিস্থিতি খুবেই বেয়া, আমি নাখায় নাখায় জীৱনত্যাগ কৰিব লগাকৈ অৱস্থা শোচনীয় হৈ পৰিছে।’
পিতৃ নেত্ৰপালে সংবাদমাধ্যমকো আৰ্জি কৰিছে যে, যিমানপাৰে সিমান সোনকালে এই সমস্যাৰ সমাধান ওলালে আমাৰ বাবে ভাল হয়। দ্ৰুত সমাধানৰ বাবে ৰাজ্য চৰকাৰক তেওঁ সংবাদমাধ্যমৰ জড়িয়তে আৰ্জি কৰিছো। শচীনৰ পিতৃয়ে লগতে কয় যে, ‘ঘৰবন্দী হোৱাৰ ফলত ঘৰত যি খাদ্যবস্তু আছিল সকলো শেষ। আমি নাখায় মৰিব লগা অৱস্থা। আমাক জীয়াই থাকিবলৈ এইখিনি কৰি দিয়ে নথৈ কৃতজ্ঞ হম।’
উল্লেখ্য যে, সীমাক লৈ এতিয়াও তদন্ত অব্যাহত ৰাখিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে। সীমা পাকিস্তানৰ স্পাই নেকি বুলি বহুতেই সন্দেহো প্ৰকাশ কৰি আহিছে, ইতিমধ্যে সীমাৰ সকলো নথি পাকিস্তানী দূতবাসত পৰীক্ষাৰ বাবে পঠোৱা হৈছে। ইয়াৰোপৰি গাজিয়াবাদ ফৰেন্সিক লেবলৈ সীমাৰ মোবাইল পঠোৱা হৈছে। পাকিস্তান দূতবাস আৰু গাজিয়াবাদৰ ফৰেন্সিক লেবৰ পৰা ৰিপৰ্ট পালেই সকলোবোৰ স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ