অসম লাইভ ২৪ঃ কিছুদিন পূৰ্বে যোগগুৰু বাবা ৰামদেৱে এল’পেথিকক ‘ষ্টুপিড ছায়েন্স’ বুলি অভিহিত কৰিছিল। যাৰ ফলত সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰামদেৱৰ ওপৰত ৰুজু হৈছিল এহেজাৰ কোটিটকীয়া মানহানিৰ গোচৰ। ক’ৰোনাৰ যোদ্ধা চিকিৎসকসকলক কৰা এই অপমানৰ বাবে অনেকে ৰামদেৱক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল। আনকি টুইটাৰতো এৰেষ্ট বাবা ৰামদেৱে ট্ৰেণ্ড কৰিছিল। আজি ইয়াৰ প্ৰত্যুত্তৰ দিলে বাবা ৰামদেৱে। সাংবাদিকৰ আগত বুধবাৰে ৰামদেৱে কয় যে কাৰো বাপেকেও তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ