CAA বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটতেই শেহতীয়াকৈ অসমত কেইবাটাও আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সৃষ্টি হৈছে। আছু, এজেৱাইচিপিসহিতে কেইবাটাও দলে নতুন ৰাজনৈতিক দল গঠনৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠিত হৈছে আঞ্চলিক গণ মৰ্চা নামৰ আন এটি আঞ্চলিকতাবাদী দলৰ। এইবাৰ নতুন দলৰ ঘোষণা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও। অৱশ্যে এতিয়ালৈকে নাম প্ৰকাশ কৰা নাই সংগঠনটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ