অসম লাইভ২৪ঃ মন্দিৰ চৌহদৰ ভিতৰত ভিডিঅ’ বা ৰীল বনালেই সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হ’ব উত্তৰাখণ্ডৰ প্রশাসন। কেদাৰনাথ মন্দিৰৰ ভিতৰত ভিডিঅ’ বা ৰীল বনোৱাত কিছু নিয়ম মানি চলিব লাগিব ভক্তই বুলি জনাইছে উত্তৰাখণ্ড প্রশাসনে। কেদাৰনাথ আৰু বদ্ৰীনাথত ৰীল বনোৱাক লৈ বহুসময়ত চৰ্চা হৈছিল, এই চৰ্চাক লৈয়ে শেহতীয়াভাৱে কঠোৰ হৈছে কেদাৰনাথ আৰু বদ্ৰীনাথ কৰ্তৃপক্ষ।
মন্দিৰত উপস্থিত হৈ বহুতেই ৰীল বনাই সামাজিক মাধ্যমত পোষ্ট কৰিছে। মন্দিৰৰ ভিতৰত বনোৱা বহু ভিডিঅ’ই ধৰ্মীয় ভাৱাবেগত আঘাত হানিছে। জনতাৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেদাৰনাথ মন্দিৰ কৰ্তৃপক্ষই ৰীল ভিডিঅ’ আদি বনোৱা নিষিদ্ধ কৰিছে মন্দিৰ প্ৰাংগনত। যদি এই আইন অমান্য কৰি কোনোৱে ৰীল বা ভিডিঅ’ বনাই তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে আইনী পদক্ষেপ ল’ব উত্তৰাখণ্ড প্ৰশাসনে।
এই বিতৰ্কৰ সূত্ৰপাত হৈছিল মন্দিৰৰ এটা ভিডিঅ’ক কেন্দ্ৰ কৰি। ভিডিঅ’ত দেখা গৈছিল যে হালধীয়া পাঞ্জাৱী পিন্ধা এজন যুৱক আৰু এগৰাকী শাৰী পৰিহিতা যুৱতীয়ে প্ৰেম নিবেদন কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টোক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছিল বিতৰ্কৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















