অসম লাইভ ২৪ঃ মঞ্চত ভাষণ সকলোৱে দিয়ে। কিন্তু সকলোৰে ভাষণ শুনি ভাল নাপায় শ্ৰোতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ শুনি ভাল পায় অনেকে। সেয়া লাগিলে সংসদ ভৱনৰ ভাষণ হওক, নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণ হওক কিম্বা ‘মন কী বাত’। ভাষণত সততে বিভিন্ন প্ৰসংগ উত্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে। অনেকেই জানিব বিচাৰে প্ৰধানমন্ত্ৰীৰ ভাষণ কোনে লিখি দিয়ে। নে নৰেন্দ্ৰ মোদীয়ে নিজেই প্ৰস্তুত কৰে ভাষণ।
এই সন্দৰ্ভত RTI কৰিছিল ‘ইণ্ডিয়া টুডে’য়ে। rtiৰ তথ্যত ওলাই পৰে প্ৰকৃত সত্য। মোদীৰ ভাষণ প্ৰস্তুত কৰিবলৈ কেইবাগৰাকীও ব্যক্তি, অধিকাৰী, সংগঠন, বিভাগক দিয়া হয় যদিও শেষত ভাষণৰ অন্তিম ৰূপ দিয়ে প্ৰধানমন্ত্ৰীয়ে নিজেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ