অসম লাইভ২৪ঃ বলীউডৰ ট্ৰেণ্ডিং অভিনেত্ৰীৰ তালিকাত আছে ছাৰা আলি খান। ছাৰাৰ ব্যক্তিগত জীৱন সম্পৰ্কে জানিবলৈ বহুজনেই আগ্ৰহী। শেহতীয়াকৈ ছাৰাৰ প্ৰেমৰ সম্পৰ্কক লৈ চৰ্চা চলিছে। এগৰাকী ক্ৰিকেটাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছে ছাৰা। ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰৰ সৈতে গোপনে প্ৰেমৰ সম্পৰ্ক আগবঢ়াই নিছে ছাৰাই।
ছাৰা আলি খান আৰু ক্ৰিকেটাৰ শুভমন গীলৰ প্ৰেমক লৈ জল্পনা কল্পনা চলিলেও কোনোৱেই এই সম্পৰ্কক লৈ বৰ্তমানলৈ মুখ খোলা নাই। বহুতেই আকৌ এই সম্পৰ্কক লৈ কৈছে যে দুদিনীয়া বন্ধুত্বহে আছিল। কিন্তু এই সকলোবোৰৰ মাজতেই বিবাহৰ কথাক লৈ মুখ খুলিছে ছাৰা আলী খানে। ছাৰাই কয়, ‘এজন ক্ৰিকেটাৰক বিয়া কৰাবলৈ মোৰ কোনো আপত্তি নাই।’
উল্লেখ্য যে, শেহতীয়াকৈ মুক্তি পাইছে ছাৰা আলি খান আৰু বিকি কৌশল অভিনীত ছবি ‘জাৰা হাটকে জাৰা বাচকে’। ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন টেলিভিছন শ্ব,তো অংশগ্ৰহণ কৰিছে ছাৰাই। এটা শ্ব’ত ছাৰাক সোধা হৈছিল, ‘আইতাক শৰ্মিলা ঠাকুৰৰ বাটেৰেই খোজ দিছে নেকি ছাৰাইয়ো?’ তেতিয়া ছাৰাই কৈছিল, ‘ক্ৰিকেটাৰক বিয়া কৰোৱাত মোৰ একো আপত্তি নাই। কিন্তু সঁচাকৈ ক’বলৈ গ’লে কোনো মানুহৰ পেছাক লৈ মই বিশেষ নাভাৱো। পেছাটোৱেই সকলো নহয়। মোৰ সৈতে মানুহজনৰ মানসিকতা মিলিলেহে সেই সম্পৰ্কটো মই আগুৱাই লৈ যোৱাৰ কথা ভাৱিম। সেই মানুহজন পেছাত ক্ৰিকেটাৰো হ’ব পাৰে, অভিনেতাও হ’ব পাৰে, ব্যৱসায়ীও হ’ব পাৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















