অসম লাইভ ২৪ঃ দেখাত মানুহৰ দৰে হ’লেই মানুহ নহয়। দেখাত মানুহৰ দৰে এটা জীৱই সংঘটিত কৰিলে কোনো বিশেষণেৰে বুজাব নোৱৰা নিকৃষ্ট কাণ্ড। এজনী গাইক যৌন নিৰ্যাতন চলালে কোনো কাৰণতে মানুহ বুলিব নোৱৰা জীৱটোৱে। এই ঘটনা সংঘটিত হৈছে ভূপালত। চিচিটিভি ফুটেজত ধৰা পৰিছে জীৱটোৰ নিকৃষ্টতম নাৰকীয় কাণ্ড। ৫৫ বছৰীয়া দুঠেঙীয়া জীৱটোৱে ভূপালৰ সুন্দৰ নগৰৰ এখন দুগ্ধপামত সংঘটিত কৰিলে এই ঘটনা। ৪ জুলাইতে সংঘটিত হোৱা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ছবিৰ আলী নামৰ অভিযুক্ত দুঠেঙীয়াটোৱে সুন্দৰ নগৰৰ ৰাম যাদৱ নামৰ লোকজনৰ গো-পামত এই অপ্ৰাকৃতিক ঘটনা সংঘটিত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিছে অভিযুক্ত ছবিৰ আলীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ