অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ আজি পুৱাই টিভিত দেখিলো। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত এতিয়াও কোনো নিশ্চয়তা পোৱা নাই। যি কি নহওক, এওঁলোকৰ এনেকুৱা এটা খবৰ যে এদিন নহয় এদিন আহিব সেইটো আমাৰ বাবে কেৱল মাথোঁ সময়ৰ অপেক্ষাহে আছিল। ক’ৰোনাৰ সংক্ৰমণ অসমত আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক সময়তে অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে জে’লৰ ভিতৰত অখিল গগৈ আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থবৃন্দ ক’ৰোনাত সংক্ৰমিত হোৱাৰ আশংকা ব্যক্ত কৰি মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে লগ ধৰি মুক্তি দিয়াৰ আহ্বান জনাইছিল। কিন্তু ৰাজ্য চৰকাৰখনে সঁহাৰি দিয়াৰ পৰিৱৰ্তে আক্ৰোশমূলকভাৱে অখিলৰ ওপৰত ইটোৰ পিছত সিটো অতিৰিক্ত গোচৰহে জাপি দিলে।
যি সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত একেটা বাথৰূম-শৌচাগাৰ ব্যৱহাৰ কৰিলে দ্ৰুতভাৱে সংক্ৰমণ বৃদ্ধি পায় বুলি কেইবাবাৰো ব্যক্ত কৰিছে। তেনে প্ৰেক্ষাপটত হাজাৰ হাজাৰ লোকে কাৰাগাৰৰ ভিতৰত মাত্ৰ কেইটামান শৌচাগাৰ, গা ধোৱা ঘৰ, একেবোৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা ঠাইত কিয় গগৈক আক্ৰোশমূলকভাৱে আবদ্ধ কৰি ৰখা হ’ল ? কিয় অখিল গগৈ আৰু তেওঁৰ সংগীবৃন্দই শাসক গোষ্ঠীক বাৰম্বাৰ তেওঁলোকে জ্বৰত ভুগি থকা বুলি অৱগত কৰাৰ পিছতো কোভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা নাছিল ? যি সময়ত চৰকাৰে ঘৰে ঘৰে গৈ পৰীক্ষা কৰাৰ পোষকতা কৰি আছে, তেনেস্থলত কিয় কোভিড পৰীক্ষা কৰিবলৈ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হ’ল? এনেবোৰ বহুত প্ৰশ্নৰ আজি অৱতাৰণা হৈছে।
শাসকীয় বিজেপি চৰকাৰখনে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পৰিৱৰ্তনৰ দোহাই দি অসমৰ জাতি-মাটি-ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল । বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা, বিদেশী বিতাড়ন, অসম চুক্তিক আখৰে আখৰে পালন কৰা ইত্যাদি ইত্যাদি প্ৰতিশ্ৰুতি যে চৰকাৰখনৰ কেৱল নিৰ্বাচনত জয় হোৱাৰ বাবে এটা ৰাজনৈতিক চতুৰালি আছিল, সেইটো আজি প্ৰমাণ হৈ গৈছে। বিশেষকৈ অসম চুক্তিক সম্পূৰ্ণভাৱে নস্যাৎ কৰা ‘কা’ আৰু কেন্দ্ৰীয় চৰকাৰে চুক্তিখনৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদনৰ ক্ষেত্ৰত লোৱা নিৰ্লিপ্ত ভূমিকাই আমাক সকলোকেই আজি আচৰিত কৰি তুলিছে। সেইবাবেই অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ অনা চৰকাৰখনে অসমৰ ৰাইজৰ ওচৰত আজি নিজেই জাতিদ্ৰোহিতাত অভিযুক্ত কিয় নহ’ব!
এনে পৰিপ্ৰেক্ষিতত চৰকাৰখনে তেওঁলোকৰ সকলো প্ৰতিশ্ৰুতিতে পাভলুটি মৰাৰ বাবে সাম্প্ৰতিক সময়ত অখিল গগৈ অসমৰ লাখ লাখ জনগণৰ প্ৰতিবাদী কন্ঠ হৈ উঠিছে। বিগত সময়ছোৱাত চৰকাৰৰ কৰ্মকাণ্ডবোৰৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে প্ৰতিবাদ কৰি তেওঁলোকৰ ছদ্ম অসম প্ৰেমক ৰাইজৰ ওচৰত উদঙাই দিয়াত অখিল গগৈৰ বিশেষ অৰিহণা আছিল । প্ৰশ্নৰ সন্মুখীন হ’বলৈ ভাল নোপোৱা চৰকাৰখনক জাতীয় স্বাৰ্থত অখিল গগৈয়ে প্ৰশ্ন কৰি আহিছিল। ‘কা’ আন্দোলনক প্ৰশমিত কৰা, নদীবান্ধৰ কাম পুনৰ আৰম্ভ, পাৰাই পাৰাই টোলগে’টৰ নামত গুণ্ডা কৰ সংগ্ৰহ কৰা ইত্যাদি কাৰ্যৰ বাবে NIAৰ দৰে নিষ্ঠুৰ (draconian) আইনৰ অধীনত অখিল গগৈক আজি ৰাষ্ট্ৰদ্ৰোহী সজোৱা হৈছে ।
চৰকাৰৰ এই জনবিৰোধী স্বৈৰাচাৰী শাসনৰ উপযুক্ত প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিবলৈ হ’লে অখিল গগৈ আৰু তেওঁৰ সংগীবৃন্দক ন্যায় দিয়াৰ সংগ্ৰামখন সামাজিক মাধ্যম আৰু টিভিৰ পৰ্দাৰ পৰা জনগণৰ মাজলৈ লৈ যাব লাগিব আৰু লগতে ৰাজনৈতিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। তেতিয়াহে অখিল গগৈৰ ন্যায় সম্ভৱ হ’ব । ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবলৈ হ’লে; যদি আগন্তুক দিনত শিৱসাগৰ বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয় অসমৰ ৰাইজৰ তথা ‘কা’বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অখিল গগৈক কাৰাগাৰৰ ভিতৰৰ পৰাই প্ৰক্ষেপিত কৰিব লাগিব । বিগত সময়ছোৱাত ৰাজ্যৰ কংগ্ৰেছ দলটোই ‘কা’ আন্দোলনকে ধৰি অসমৰ প্ৰায় সকলো জাতীয় সমস্যাত মাত মাতি আহিছে। যদিহে তেওঁলোকৰ এই প্ৰতিবাদ কেৱল ক্ষমতাকেন্দ্ৰিক নহয়, তেতিয়াহ’লে দলটোৱে অখিল গগৈৰ প্ৰাৰ্থিত্বক সমৰ্থন দি অসমৰ লাখ লাখ প্ৰতিবাদী কণ্ঠৰ সংগ্ৰামী সত্তাৰ অংশীদাৰ হওক। কাৰণ, অহংকাৰত ফাটি-ফুটি যোৱা শাসকীয় দলটোক ৰাজনৈতিকভাৱে এটা উপযুক্ত শিক্ষা দিয়াৰ এয়াই হ’ল সুৱৰ্ণ সময় আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত ‘ভাজপা’ৰ বাবে হ’ব মোক্ষম আঘাত।
(লেখকঃ ৰাছেল হুছেইন অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক বিশ্লেষক)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ