• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

3 years ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

42 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

3 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

editor by editor
May 18, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গোলাঘাট জিলাৰ বোকাখাট এজন ব্যক্তি। হঠাতেই আৱিৰ্ভাৱ হোৱা যুৱকজনৰ এটা মাত্ৰ কথাই সকলোকে আকৌ এবাৰ জোনমণিৰ মৃত্যুক লৈ দেখুৱাইছিল অন্য কাহিনী। সকলোৱে ভাৱি লৈছিল, ভৱাটোৱেই হয়। জোনমণিক হত্যা কৰা হৈছে। জোনমণিৰ মৃত্যু স্বাভাৱিক হ’বই নোৱাৰে! কিন্তু মন্তব্য কৰাৰ ১২ ঘণ্টাৰ অন্তত হঠাতেই অন্তৰ্ধান হৈ পৰিছে জোনমণিৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শীজন। জোনমণি ৰাভাৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সঘনে হৈছে পট পৰিবৰ্তন। যুৱকজনে সংবাদমাধ্যমৰ সন্মুখত নিজকে জোনমণিৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ সময়ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি যুৱক এজনে উক্ত ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয় বুলি দাবী কৰিছিল।

লোকজনে জনোৱামতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত গাড়ী চলাই তেওঁৱো গোলাঘাট অভিমুখে গৈ আছিল। সেই সময়তে টোপনি টোপনি আৰু ভোক ভোক লগাত কিবা এটা খাবলৈ বুলি জখলাবন্ধাৰ উক্ত স্থানত গাড়ী ৰখোৱাৰ সময়তে দুৰ্ঘটনাতো প্ৰত্যক্ষ কৰে লোকজনে। ‘মই গাড়ীখন ৰখাই কিবা এটা খাম ভাবিলো। তেনেতে দেখিলো এখন এল্ট’ ৰখাই থোৱা আছে। সেই এল্ট’খনত এখন ট্ৰাক আহি খুন্দা মাৰিছে। তাৰ পিছত দেখিলো এল্ট’খনৰ পৰা এজন ল’ৰা নামি গৈছে। ল’ৰাজন ক’লা লংপেণ্ট আৰু জোতা পিন্ধি থকা দেখিছো। ট্ৰাক ড্ৰাইভাৰজনো পলাইছে। মই গম পালো যে ডাঙৰ এক্সিডেণ্ট এটা হ’ল।’ এয়া আছিল প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা লোকজনৰ মন্তব্য।

ইয়াৰোপৰি যুৱকজনে কয়, ‘মই দৃশ্যটো চাই আছিলো। খাই লৈ মই ৰৈ আছো। ওচৰলৈ যোৱা নাই। ১৫ মিনিটমান পিছত জখলাবন্ধা থানাৰ আইচিজন আহিছে। মই তেতিয়া অলপ চাপি গ’লো। তেতিয়া আইচিজনে কি লাগে বুলি মোক সুধিলে। তেতিয়া মই কলো যে গুৱাহাটীৰ পৰা আহি আছিলো, টোপনি যেন লাগি ৰৈ কিবা এটা খালো, এক্সিডেণ্টটো দেখি কি হৈছে চাবলৈ আহিলো। মোক ক’লে, যা যা। মই যা যা কোৱাত গুচি আহিলো। তেতিয়া এক্সিডেণ্ট হোৱা কাৰখন ভালকৈ দেখিলো। দেখিলো যে ভিতৰত ফিমেলৰ ডেডবডী এটা আছে। মই চকুৰ সমুখতে দেখিছিলো এল্টখন হিলাই নাই। ট্ৰাকখনে পূৰা মাৰি দিছে আৰু ট্ৰাকে মৰাৰ আগতে এল্টৰ পৰা ল’ৰা এটা নামি গৈছিল। চাৰ্টটো কি ৰঙৰ ধৰিব নোৱাৰিলো। কিন্তু পেণ্টটো আৰু জোতাৰ ৰং ক’লা দেখিছিলো। ট্ৰাকৰ ড্ৰাইভাৰজন পলাই যোৱাও স্পষ্টকৈ দেখিছো।’ ব্যক্তিজনৰ মতে জোনমণিৰ বাহনখনত খুন্দা মৰা তেওঁ স্পষ্টকৈ দেখা বুলিও কয়।

প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ এই মন্তব্যই সমগ্ৰ ঘটনাটোক এতিয়া আৰু অধিক ৰহস্যঘন কৰি তোলা পৰিলক্ষিত হৈছে। যুৱকজনৰ এই মন্তব্যৰ পিছতে অধিকাংশ লোকে ছ’চিয়েল মিডিয়াত জোনমণি ৰাভাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলিও দাবী কৰা দেখা গৈছে। ইফালে SI জোনমণি ৰাভাৰ ৰৈ থকা গাড়ীখনত ট্ৰাকখনে খুন্দিওৱাতো নিশা প্ৰত্যক্ষ কৰা বুলি দাবী কৰা চালকজনৰ ভাষ্য কিন্তু বাৰে বাৰে সলনিও হৈছে। যুৱকজনে গাড়ীখন ভুল ছাইডত থকা বুলি এবাৰ কৈছে যদি আনবাৰ আকৌ কৈছে, সঠিক দিশতেই আছিল জোনমণিৰ বাহন। একেদৰে জোনমণিৰ গাড়ীৰ পৰা ল’ৰা এজন নামি যোৱা সন্দৰ্ভতো সুকীয়া মন্তব্য কৰিছে যুৱকজনে। এবাৰ এক্সিডেণ্টৰ পূৰ্বেই নামি যোৱা বুলি কৈছে যদি আনবাৰ আকৌ এক্সিডেণ্টৰ পাছতহে নামি যোৱা বুলি মন্তব্য কৰিছে।

যুৱকজনৰ ভাষ্য বাৰে বাৰে সলনি হোৱাত বিবুধিত পৰিছে ঘটনাটোক লৈ জানিবলৈ আগ্ৰহী হৈ থকা বহুসংখ্যক লোকেই। ইফালে, নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনে এই মন্তব্য কৰাৰ পিছতে একাংশ লোকে কৈছে যে যদিহে ট্ৰাকখনে জোনমণিৰ গাড়ীখনক খুন্দিয়াইছিল তেন্তে গাড়ীখন ৰাস্তাতে ৰৈ থকাৰ পৰিৱৰ্তে ওফৰি বা ছিটিকি গ’লহেতেন। একেদৰে ট্ৰাকখনৰ ব্ৰেক মৰাৰ চিন আছে আৰু জোনমণিৰ গাড়ীখনে ব্ৰেক মৰাৰ বা ৰাস্তাত চুচৰি যোৱাৰ কোনো চিন নাই বুলিও মন্তব্য কৰিছিল ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে।

জোনমণিয়ে চাকৰি কালত পোনতেই সকলোৰে দৃষ্টি কাঢ়িছিল এটা ফোনকলেৰে। ২০২২ বৰ্ষৰ জানুৱাৰী মাহত পোনতে সকলোৰে দৃষ্টিলৈ আহিছিল দুৰ্ঘটনাত মৃত্যুৰ সাবটি লোৱা জোনমণি ৰাভা। সামাজিক মাধ্যমত ভাইৰেল হৈছিল জোনমণিৰ এটা ফোনকল। এই ফোনকলটো আছিল জোনমণি ৰাভা আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ।

ভাইৰেল ফোনকলটোৰ কথোপকথন আছিল এনেধৰণৰ, ‘হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনিক হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে, সেইসকল মানুহ কেনেকৈ চলে। মানুহখিনি হাৰাশাস্তি নকৰিব। কাক কথা কৈছে ঐ, জানেনে নাই মই কোন?’ ভাইৰেল ফোনকলটোত এইদৰে মহিলা আৰক্ষী বিষয়গৰাকীক বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাই ধমকি দিয়া শুনা গৈছিল।

বিধায়ক অমিয় কুমাৰ ভূঞাৰ ধমকলৈ কেৰেপ নকৰি জোনমণিয়ে কৈছিল, ‘আপুনি এনেকৈ এইটো সুৰত কথা কৈছে যে, আপুনি চৰকাৰক কি উত্তৰ দিব? মন্ত্ৰী বিধায়ক হৈ এনেকৈ কথা কৈছে যে? আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ’ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।’

ভাইৰেল হৈ পৰা ফোনকলটোত বিধায়কৰ ধমকলৈ কেৰেপ নকৰি প্ৰত্যুত্তৰ দিয়া জোনমণি ৰাভা আজি এই পৃথিৱীত নাই। জীয়াই থকাৰ সময়খিনিতো সততে চৰ্চা লাভ কৰা এইগৰাকী জোনমণি ৰাভাৰ মৃত্যুৰ পাছতো কমা নাই চৰ্চা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
Next Post
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য! ভাইৰেল ফোনকলত আকৌ ৰ’ডেৰে মৰিয়াই হত্যা কৰাৰেই অভিযোগ

SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য! ভাইৰেল ফোনকলত আকৌ ৰ’ডেৰে মৰিয়াই হত্যা কৰাৰেই অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.