বৰ্তমান বহুল চৰ্চিত বিষয়টোৱেই হৈছে কিদৰে মানৱ শৰীৰটোক ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা যায়। অতীজতে এইষাৰ কথা নজনাকৈয়ে প্ৰকৃতিগতভাৱেই খাদ্যাভ্যাস আৰু জীৱন ধাৰণ প্ৰণালীৰ যোগেদি মানৱ জাতিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট আছিল। কিন্তু পূৰ্বৰ সকলো নিয়ম-নীতি, পুৰণিকলীয়া আৰু অন্ধবিশ্বাস বুলি দলিয়াই দি আধুনিক মানৱে জীৱনশৈলী, খাদ্যাভ্যাস ইত্যাদিত অতি আধুনিকতা গ্ৰহণ কৰিবলৈ যাওঁতেই সকলো খেলিমেলি লাগিল।
বৰ্তমান ক’ৰোনা বা Covid-19ৰ প্ৰাদুৰ্ভাৱতহে (ই লাগিলে মানৱ সৃষ্টয়ে হওক বা প্ৰকৃতি সৃষ্ট মহামাৰীয়েই হওক!) ৰথৰ চকৰি যেন ঘূৰি মানৱ জাতিক আগৰ স্থানত থিয় কৰালে। আধুনিকতাৰ বলেৰে বলীয়ান হৈ আমি পাহৰি গৈছিলো যে আমি প্ৰকৃতিৰেই এটা ক্ষুদ্ৰ অংশ মাত্ৰ।
আধুনিক বিজ্ঞানেও ঢুকি নোপোৱা এটা অদৃশ্য ক্ষুদ্ৰ জীৱাণুৱে (ক’ৰোনা ভাইৰাছ) জীৱশ্ৰেষ্ঠ মানুহক আজি শিৰনত কৰিবলৈ বাধ্য কৰাইছে। এক অদৃশ্য শক্তিয়ে হাজাৰ বছৰীয়া মানৱ সভ্যতাক আজি যেন স্তব্ধ কৰি দিছে। এয়া মানৱ জাতিৰ ওপৰত প্ৰকৃতিৰ নীৰৱ প্ৰহাৰ!
পিছে, সকলো বেয়াৰে এটা হ’লেও ভাল দিশ থকাৰ দৰে মহামাৰী ক’ৰোনাৰ কৃপাতেই এতিয়া পুনৰ এলান্ধুকলীয়া বুলি দলিয়াই দিয়া নিয়ম-নীতি, এলাগী কৰি থোৱা থলুৱা খাদ্যইহে যে মানৱ শৰীৰ সুস্থ সবল কৰি ৰাখিব পাৰে তাক পুনৰবাৰ আধুনিক মানৱে বুজি উঠিছে।
এতিয়া আহো মূল কথালৈ। খাদ্যই জীৱৰ জীয়াই থকাৰ মূল আধাৰ । খাদ্য সুস্থ আৰু সাত্ত্বিক হ’লেহে শৰীৰ আৰু মন সুস্থ-সবল হয়। সুস্থ-সবল ব্যক্তিয়েহে এটা সুস্থ পৰিয়াল, এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে।
আমাৰ সমাজত প্ৰায় সকলোৱেই পুৱা চাহ কাপেৰেই দিনটোৰ খোৱাৰ আৰম্ভণি কৰে (পানীক বাদ দি)। এই চাহ কাপকেই যদি আৰু অলপ শক্তিশালী কৰি খোৱা যায় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ এটা সুন্দৰ আৰম্ভণি হয়। অকল ক’ৰোনা বুলিয়েই নহয়, এই চাহ খোৱাৰ ফলত আৰু বহুতো সৰু-ডাঙৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। মাত্ৰ প্ৰয়োজন কিছু হাততে পোৱা প্ৰাকৃতিক উপাদান যোগাৰ কৰি লোৱাৰ মানসিকতা। আমি কম-বেছি পৰিমাণে সকলোৱে চাহকাপত অকণমান আদা বা এখিলা তেজপাত বা দুটা লং বা এটা ইলাইচি দি খাোৱাৰ অভ্যাস আছে। সেইটোকে অলপ উন্নত কৰি থাউকতে পোৱাকৈ ঘৰুৱাভাৱে এটা মিশ্ৰণ তৈয়াৰ কৰি ৰাখিব পাৰো। বৰ্তমান বজাৰত এইদৰে দুই-এবিধ বস্তু মিলাই বিক্ৰি কৰা চাহৰ পেকেট পোৱা যায় কিন্তু দাম দেখিলেই চকু কপালত উঠে। যেনে- তুলসী মিলোৱা চাহপাত, আদা মিশ্ৰিত চাহপাত ইত্যাদি। তাতকৈ ঘৰতে উপলব্ধ এই ঔষধীয় সামগ্ৰীসমূহ নিজে অলপ যোগাৰ কৰি ল’লে বেছি ফল পাব। মচলা চাহ ভাৰতৰ কিছু ৰাজ্যত খোৱাৰ পৰম্পৰা আছে যদিও অসমত ইয়াৰ ব্যৱহাৰ অলপ কিন্তু কমকৈ দেখা যায়।
চাহৰ মচলা প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হ’ল-
১) লং
২) ইলাচি
৩) ডালচেনী
৪) তেজপাত
৫) শুকান আদা (মৰাণ আদা হ’লে ভাল)
৬) জালুক
৭) লেমন গ্ৰাচ্ (চিত্ৰ-নলা গছ)
৮) শুকান তুলসী পাত
৯) শুকান পদিনাৰ পাত
১০) পিপলি
১১) অৰ্জুন গছৰ ছাল
১২) চকলকৈ শুকোৱাই লোৱা কেঁচা হালধি (কম পৰিমাণে ল’ব)
এই সকলোবোৰ শুকান সামগ্ৰী মিলাই গুৰা কৰি কাঁচৰ বটলত ভৰাই ৰাখিলে বহু দিনলৈ বৱহাৰ কৰিব পাৰি। প্ৰয়োজন সাপেক্ষে দুই-এপদ বস্তু নহ’লেও কথা নাই। পৰিমাণটো নিজেই অলপ অনুমান কৰি কম-বেছি কৰি ল’ব পাৰে। তুলসী, পদিনা, চকলিয়াই লোৱা আদা, হালধি আদি অ’ভেনতো ৫/১০ মিনিট দি শুকোৱাই ল’ব পাৰে। এতিয়া, ৰঙা চাহ, Green tea, White tea আদি চাহৰ লগত এই মিশ্ৰণটো চাহ চামুচেৰে আধা চামুচ মিহলাই একাপ সুন্দৰ ঔষধিযুক্ত চাহ সেৱন কৰক আৰু নিজৰ Immune System শক্তিশালী কৰি ক’ৰোনাৰ লগতে আন বহুতো ৰোগৰ পৰা হাত সাৰি থাকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ