• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২১ত মাজুলীত নিৰ্বাচন নেখেলে সৰ্বানন্দই!

২০২১ত মাজুলীত নিৰ্বাচন নেখেলে সৰ্বানন্দই!

6 years ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

43 minutes ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

2 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

4 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

4 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

5 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

6 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

7 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

8 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

9 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০২১ত মাজুলীত নিৰ্বাচন নেখেলে সৰ্বানন্দই!

ৰিপুন বৰাৰ ভাষ্যৰ সত্যতা কিমান?

editor by editor
August 2, 2020
in অসম, ৰাজনীতি
0
২০২১ত মাজুলীত নিৰ্বাচন নেখেলে সৰ্বানন্দই!
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাস্কৰজ্যোতি দাস, অসম লাইভ ২৪ঃ ২০২১ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে। এই দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। মাজুলীৰ কংগ্ৰেছ দলৰ এক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ সভাপতি বৰাই ৩১ জুলাইত এইদৰে মন্তব্য কৰিছিল। কংগ্ৰেছ সভাপতিগৰাকীয়ে নিজৰ দাবীৰ সমৰ্থনত কৈছিল- সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰত এতিয়ালৈকে একেটা সমষ্টিত দুবাৰ নিৰ্বাচন খেলাৰ ৰেকৰ্ড নাই। সেই ধাৰা অব্যাহত ৰাখিয়েই মুখ্যমন্ত্ৰী সোণোৱালে অহা বিধানসভাত নিৰ্বাচনত মাজুলী সমষ্টিত নিৰ্বাচন খেলাৰ সম্ভাৱনা নাই। কংগ্ৰেছ সভাপতিগৰাকীয়ে দাবী কৰা অনুসৰি অহা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ সমষ্টি মাজুলীৰ পৰিৱৰ্তে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰাহে নিৰ্বাচন খেলাৰ পূৰ্ণ সম্ভাৱনা আছে।

কংগ্ৰেছ সভাপতিৰ ভাষ্যৰ সত্যতা কিমান?

মুখ্যমন্ত্ৰী সোণোৱালে অহা নিৰ্বাচনত মাজুলীৰ পৰা নিৰ্বাচন নেখেলিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই অলপতে কৰা মন্তব্যক মুঠেই উলাই কৰিব পৰা নাযায়। প্ৰশ্ন উত্থাপিত হয়, কি যুক্তিৰ আধাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অলপতে মুখ্যমন্ত্ৰী সোণোৱাল সন্দৰ্ভত এনে ভৱিষ্যদ্বাণী কৰিলে? বিষয়টোৰ সকলো সত্যাসত্য নিৰূপণৰ বাবে ‘অসম লাইভ ২৪’ৰ পৰা আৰম্ভ কৰা হৈছিল এক নিজস্ব অনুসন্ধান। ‘অসম লাইভ ২৪’ৰ অনুসন্ধানত পোহৰলৈ আহিছিল শাসকীয় বিজেপি দলৰ লবী ৰাজনীতিৰ ভিতৰুৱা বহু ভয়ংকৰ খবৰ। বাহিৰত যিমানেই যি কৰিয়ে নেদেখুৱাওক, ভিতৰি ভিতৰি স্পষ্টভাৱে দ্বি-বিভক্ত আজি অসম বিজেপি। এটা শিবিৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী সোণোৱাল আৰু আনটোৰ নেতৃত্বত ৰাজ্যৰ শাসকীয় চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি ভিতৰি ভিতৰি ইমানেই ভয়ংকৰ হৈ পৰিছে যে মুখ্যমন্ত্ৰী সোণোৱালে সকলোতে শেহতীয়াকৈ নিজৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূত দেখিবলৈ আৰম্ভ কৰিছে। শক্তিশালী ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আগ্ৰাসনক মুখ্যমন্ত্ৰী সোণোৱালে দিনে দিনে অধিক ভয়ংকৰ বিপদ বুলি চিহ্নিত কৰি অহাৰ সময়তে সোণোৱালৰ বাবে অন্য এক ৰাজনৈতিক ভাবুকি হৈ পৰিছে ধেমাজিৰ বিজেপি বিধায়ক ডাঃ ৰণোজ পেগু। উল্লেখ্য যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱালক বিধায়ক নিৰ্বাচিত কৰোৱাত মিছিং জনগোষ্ঠীৰ শক্তিশালী নেতা ডাঃ ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত পূৰ্বৰ মিছিং জনগোষ্ঠীৰ আঞ্চলিক ৰাজনৈতিক দল ‘গণশক্তি’ৰ পৰা ওলাই আহি ডাঃ ৰণোজ পেগুৱে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিজেপিত যোগদান কৰাৰ পাছত ডাঃ ৰণোজ পেগুক ধেমাজিৰ উপ-নিৰ্বাচনৰ জৰিয়তে বিজেপি দলে বিধায়ক হিচাপে বিজয়ী কৰাই আনে যদিও ডাঃ পেগুৰ দৰে হেভীৱেট নেতা এজনক কেৱল বিধায়ক পদতে আবদ্ধ কৰি ৰখাক লৈ শেহতীয়াকৈ ডাঃ ৰণোজৰ শিবিৰ মুখ্যমন্ত্ৰী সোণোৱালৰ ওপৰত ভীষণ নাৰাজ। মাজুলীৰ নিৰ্বাচনী ৰণত মিছিং জনগোষ্ঠীৰ লোকসকলে সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মিছিং জনগোষ্ঠীৰ শক্তিশালী নেতা ডাঃ ৰণোজ পেগুৰ শিবিৰৰ সৈতে দিনে দিনে বাঢ়ি অহা ৰাজনৈতিক ব্যৱধানৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত ড০ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী উত্থানত মাজুলীতে থৰহৰি কম্পমান এতিয়া সৰ্বানন্দৰ ৰাজনৈতিক ভেটি। ‘শত্ৰুৰ শত্ৰু আমাৰ মিত্ৰ’- নীতিক সৰোগত কৰি চতুৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ডাঃ ৰণোজ পেগু গোপনে একত্ৰিত হৈ মাজুলীত বিজেপিৰ পৰাজয় অৱধাৰিত কৰি তোলাৰ আশংকাতে মুখ্যমন্ত্ৰী সোণোৱাল এইবাৰ মাজুলীক লৈ কোনোপধ্যে নিশ্চিত হ’ব পৰা নাই। মাজুলীত পৰাজিত হ’লে নিজৰ মুখ্যমন্ত্ৰীৰ গাদী হেৰুওৱাৰ ভয়তে সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ নিজৰ বাবে নিৰাপদ বিকল্প সমষ্টি বিচৰাৰ কাম আৰম্ভ কৰিছে। বিকল্প নিৰাপদ সমষ্টিৰ তালিকাত সৰ্বানন্দ সোণোৱালৰ প্ৰথম পচন্দৰ বাছনিত উঠিছে ডিব্ৰুগড় সমষ্টি। বিগত ডেৰ দশকজুৰি ডিব্ৰুগড় বিধানসভা সমষ্টি দখল কৰি আহিছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। বৰ্তমানৰ মাজুলী সমষ্টিৰ উপৰি ’২১ৰ নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰাও নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা সৰ্বানন্দ সোণোৱালৰ। সোণোৱাল ৰাজনৈতিক অংক স্পষ্ট, কিবাকৈ মাজুলীতে পৰাজিত হ’বলগা হ’লেও অন্তত ডিব্ৰুগড়ৰ পৰা বিধায়ক নিৰ্বাচিত হৈ নিজৰ মুখ্যমন্ত্ৰীৰ গাদী বচোৱা।

প্ৰশান্ত ফুকনৰ কি হ’ব?

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আসনখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এৰি দিবলগা হ’লে বৰ্তমানৰ বিজেপি বিধায়কগৰাকীক ক’ত সংস্থাপিত কৰা হ’ব? আমাৰ হাতত পৰা খবৰমতে, বিধায়ক ফুকনক ইতিমধ্যে দিয়া হৈছে ’২৪ৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আসনৰ প্ৰাৰ্থিত্বৰ অফাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ripun borasarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

July 25, 2026
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?
ভাৰত

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

July 25, 2026
Next Post
NRC-খিলঞ্জীয়াৰ দলিল আৰু কিছু কথা

NRC-খিলঞ্জীয়াৰ দলিল আৰু কিছু কথা

লখিমপুৰৰ লুইত খাবলুত ভয়ানক খহনীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.