অসম লাইভ২৪ঃ চীন যদি ডালে ডালে ভাৰত তেন্তে পাতে পাতে৷ চীনৰ নীতি অনুসৰন কৰি বিশ্বত ভাৰতৰো টকাৰ জাল। কিন্তু সুদখোৰ চীনৰ দৰে ভাৰতে চলোৱা নাই ধাৰুৱা দেশক অত্যাচাৰ।
সততে দেশৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যে ভাৰতে বিশ্ব বেংকৰ লগতে বিভিন্ন দেশৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ কথা। কিন্তু ভাৰতে বিশ্বৰ কিমান দেশক ঋণ বা ধাৰ দি ৰাখিছে সেই কথা আমি জানোনে? নিশ্চয় নাজানো। কিন্তু আজিৰ প্ৰতিবেদনত আমি আপোনালোকক তথ্য দিম ভাৰতে সমগ্ৰ বিশ্বত কিমান টকা ঋণ দি ৰাখিছে। যি ঋণৰ জড়িয়তে ভাৰতে সেই দেশসমূহৰ পৰা সুতৰ লগতে বিস্তাৰ কৰিছে নিজৰ সাম্ৰাজ্য। এইখিনিতে তুলনামূলকভাৱে যদি চোৱা যায় তেন্তে দেখা পোৱা যায় ২০২১-২০২২ বৰ্ষত সমগ্ৰ বিশ্বত চীনে ৪০ বিলিয়ন ডলাৰৰ ঋণ বিলাইছিল৷
য’ত চীনে পিছৰ পৰ্যায়ত সেই দেশমূহৰ পৰা বলপূৰ্ব ঋণৰ সৈতে সুত আদায়ৰ নামত কাঢ়ি লয় এটা পাছত আনটো ৰাজহুৱা সম্পত্তি। আৰু তাৰ জলন্ত উদাহৰণ হৈছে
শ্ৰীলংকা আৰু পাকিস্তান৷ কিন্তু এই ক্ষেত্ৰত ভাৰত বহু পৰিমাণে শিথিল। মানৱীয়তাৰ খাতিৰত সেই দেশ সমূহৰ পৰা ভাৰত কম সুতৰ হাৰ লোৱাৰ লগতে স্বাস্থ্য, শিক্ষা বা বাণিজ্যিক উন্নীতকৰণত বিশেষ সহায় কৰে সেই দেশসমূহক। ভাৰতে ঋণৰ জড়িয়তে সহায় কৰা তেনে কেইখনমান দেশ হৈছে টানজেনিয়া, ভিয়েটনাম, ফিলিপাইন আদি৷ এইখিনিতে জনাই থও যে ভাৰতে প্ৰথমবাৰৰ বাবে এটা IIT কেমপাছ সম্পসাৰণ কৰিব বহিঃৰাষ্ট্ৰত। IIT কেম্পাছ নিৰ্মাণ হ’ব লগা বিশেষ ৰাষ্ট্ৰখন হৈছে টানজেনিয়া।
চীনৰ সমানে সমানে ভাৰতে কিমান ঋণ বিলাইছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক? বিগত এটা দশকত ভাৰতে ৩২ বিলিয়ন ডলাৰ ঋণ বিলাইছে বিভিন্ন দেশক৷ ইয়াৰ ভিতৰত
এছিয়াৰ বহু কেইখন দেশক ভাৰতে ঋণ হিচাপে দিছে ১৭.১ বিলিয়ন ডলাৰ৷ আনহাতে আফ্ৰিকাৰ ৪৫খন দেশক ভাৰতে ঋণ বিলাই ১২ বিলিয়ন ডলাৰ৷ মধ্য এছিয়াত ঋণ বিলাইছে ১.৯ বিলিয়ন ডলাৰ৷ লেটিন আমেৰিকাত ঋণ বিলাইছে ০.৮ বিলিয়ন ডলাৰ৷
অৰ্থাৎ বিগত এটা দশকত ভাৰতে এই দেশসমূহৰ ভিতৰত প্ৰায় ৩২ বিলিয়ন ডলাৰ ঋণ বিলাইছে। পিছে চীনৰ বিপৰীতে ভাৰতৰ এই ঋণৰ পৰিমাণ তুলনামূলকভাৱে কম যদিও ভাৰতে চীনৰ দৰে তেজ সুহি খোৱা নাই সেই দেশসমূহক। যাৰ ফলত ভাৰতৰ বাবে সেই দেশসমূহ সদায়ে বন্ধুসলভ হোৱাৰ ওপৰিও বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সৈ মাত মাতি আহিছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















