অসম লাইভ ২৪ঃ
ভাৰতঃ মোগল যুগৰ পিছত এইবাৰ উৰ্দু কবি মহম্মদ ইকবাল নৰেন্দ্ৰ মোডী চৰকাৰৰ ৰোষৰ সন্মুখীন হৈছে। দিল্লী বিশ্ববিদ্যালয় একাডেমিক কাউন্সিলে শুকুৰবাৰে স্নাতক পৰ্যায়ৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা ‘চাৰে জাহান চে আচ্ছা, হিন্দুস্তান হামাৰা’ৰ সৃষ্টিকৰ্তাৰ জীৱনী বাদ দিয়াৰ সিদ্ধান্ত লয়।
দিল্লী বিশ্ববিদ্যালয়ত ‘Modern Indian Political Thought’ শীৰ্ষক অধ্যায়টো স্নাতক পৰ্যায়ৰ ষষ্ঠ ছেমিষ্টাৰৰ অংশ আছিল। তাৰ এটা অংশ আছিল স্বৰ্গীয় কবি গৰাকীৰ জীৱনী আৰু সাহিত্য লিখনিৰ ওপৰত। যিটো ‘ইকবাল: কমিউনিটি’ নামেৰে অন্তৰ্ভুক্ত আছিল। সংবাদ সংস্থা পিটিআইৰ মতে, দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পাঠ্যক্ৰম পৰিচালক মণ্ডলীক এই অধ্যায়টিক বাদ দিবলৈ পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰ নিয়ন্ত্ৰিত বিশ্ববিদ্যালয়খনৰ পৰিচালক মণ্ডলীয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব।
অৱশ্যে, ৰাজা ৰাম মোহন ৰয়, পণ্ডিত ৰামাবাই, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰ ষষ্ঠ ছেমিষ্টাৰত আছিল।
ইকবালৰ জন্ম ১৮৭৭ চনত অবিভক্ত ভাৰতৰ শিয়ালকোট (বৰ্তমান পাকিস্তান) ত হৈছিল। কবিগৰাকীৰ ১৯৩৮ চনত মৃত্যু হয়। দুয়োখন দেশতে প্ৰশংসিত কবিগৰাকী। পাকিস্তানে তেওঁক ৰাষ্ট্ৰীয় কবিৰ মৰ্যাদা দিছে। তেওঁৰ প্ৰাৰম্ভিক জীৱনত, উৰ্দুক কবিতা লিখনিৰ ভাষা হিচাপে বাছনি কৰা হৈছিল, কিন্তু পিছলৈ পাৰ্চী তেওঁৰ লিখনিৰ মাধ্যম হৈ পৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ পঢ়ি তেওঁৰ সমসাময়িক কবি ইকবালৰ প্ৰশংসা কৰিছিল। পণ্ডিত ৰবি শংকৰে ভাৰতীয় সেনাৰ বাবে ‘চাৰে জাহান চে আচ্ছা’ৰ পেৰেড সংস্কৰণৰ সুৰ ৰচনা কৰিছিল।
উল্লেখ্য যে, মোগল যুগক চলিত শিক্ষাবৰ্ষৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে নিয়ন্ত্ৰণ কৰা চিবিএছই দ্বাদশ শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) পাঠ্যপুথিসমূহতো মোগল যুগ আঁতৰাই দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ