অসম লাইভ২৪ঃ চলিত বছৰৰ মাৰ্চ মাহত প্ৰাণনাশৰ ধমকি পাইছিল ছলমান খানে৷ পাঞ্জাৱী শিল্পী সিধু মুছোওয়ালাক গুলীয়াই হত্যা কৰিছিল বিষ্ণোই গেঙৰ সদস্যই৷ অভিযোগ স্বীকাৰো কৰিছে লৰেন্স বিষ্ণোই৷ বৰ্তমান কাৰাবন্দী হৈ আছে গেঙৰ মূল সদস্য লৰেন্স৷ জে’লৰ পৰাই এটা সাক্ষাৎকাৰো দিছিল লৰেন্সে৷ তেওঁ স্পষ্টকৈ কৈছিল পৰবৰ্তী টাৰ্গেট ছলমান খান৷ শেহতীয়াকৈ লৰেন্সৰ সহযোগী গোল্ডীয়ে পুনৰ ভাবুকি দিছে ছলমান খানক৷
গোল্ডিয়ে কৈছে, ‘ছলমান খানক কেনেকৈ হত্যা কৰিম তাৰ পৰিকল্পনা আমি কৰিছো৷ লৰেন্স ভাইয়ে আমাক সহায় কৰিবই৷’ গোল্ডিৰ এই বাৰ্তা পোৱাৰ পাছতেই পুনৰ বঢ়াই দিয়া হৈছে ছলমান খানৰ নিৰাপত্তা৷ নতুন কি কি সংযোজন হ’ল অভিনেতাজনৰ নিৰাপত্তাত?
প্ৰাণনাশৰ ভাবুকি পোৱাৰ পাছতেই অভিনেতাজনৰ ঘৰৰ চৌহদত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা৷ Y-কেটেগৰীৰ নিৰাপত্তাৰ মাজেৰে চলাফুৰা কৰে এতিয়া ভাইজান ছলমান৷ শেহতীয়াকৈ তেওঁ এখন বুলেটপ্ৰুফ গাড়ীও ক্ৰয় কৰিছে৷ চৰকাৰী নিৰাপত্তাৰক্ষীৰ উপৰিও ছলমানৰ আছে ব্যক্তিগত নিৰাপত্তাৰক্ষীও৷ বি৬ বুলেটপ্ৰুফ গাড়ীৰ পৰা বি৭ বুলেটপ্ৰুফ গাড়ী দিয়া হৈছে ছলমানক৷ ইয়াৰোপৰি মুম্বাই আৰক্ষীয়ে ছলমানৰ নিৰাপত্তাৰ দিশটোত বিশেষ নজৰ ৰখাৰ কথাও জনাইছে সংবাদ মাধ্যমৰ আগত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ