অসম লাইভ২৪ঃ শাওন মাহ শিৱৰ অন্যতম প্ৰিয় মাহ। শাওন মাহৰ সোমবাৰকেইটাৰো আছে বিশেষত্ব। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে শাওন মান অত্যন্ত পবিত্ৰ এক মাহ। হিন্দু কেলেণ্ডাৰমতে এইবাৰ ৪ জুলাই মঙলবাৰে আৰম্ভ হ’ব শাওন মাহ। শেষ হ’ব ১৮ আগষ্টত। শাস্ত্ৰ অনুসৰি, শাওন মাহৰ প্ৰথম সোমবাৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ উপবাসে থাকে বহু ভক্ত। প্ৰায় ১৯বছৰ পাছত শাওন মাহত পৰিছে বিৰল যোগ। এইবাৰ শাওন মাহ দুমাহ ধৰি চলিব।
হিন্দু শাস্ত্ৰমতে এইবাৰ মলমাহ বা পুৰুষোত্তম মাহৰ কাৰণে শাওন মাহ দুমহীয়া। প্ৰায় ১৯বছৰ পাছত শাওন মাহ দুমহীয়া হৈছে। শাওন মাহ এইবাৰ ৫ৰাশিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। জ্যোতিষীৰ মতে কোনকেইটা ৰাশিৰ বাবে বিশেষ হ’ব শাওন মাহ?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলৰ বাবে শাওন মাহটো অত্যন্ত শুভ আৰু ফলদায়ক। এই সময়ত ভগৱান শিৱৰ কৃপাত ৰৈ যোৱা কামসমূহ সমাপ্ত হ’ব। জীৱনত ইতিবাচক শক্তিৰ প্ৰবেশ ঘটিব। এই সময়ত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ কৰিব। যাৰবাবে নতুন প্ৰকল্পৰ কাম সময়মতে সম্পন্ন কৰিবলৈ সক্ষম হ’ব। চাকৰি পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিছে যদি এই সময় আপোনাৰ বাবে অনুকূল থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত অগ্ৰগতিৰ সমস্ত বাধা দূৰ হ’ব। নতুন পদত বহি নিজা প্ৰতিভা দেখোৱাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব পাৰে। প্ৰয়োজনত পূৰ্ণ যত্ন ল’ব পাৰে। এই সময়ত ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থ সঞ্চয় কৰিব পাৰিব।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শাওনমাহটো খুবেই ভাল মাহ। এই সময়ত শিৱৰ কৃপাত সমস্ত কাম সময়মতে সম্পন্ন হ’ব। সন্তানসকলৰ উন্নতিৰ বাবে ভাল সিদ্ধান্ত লোৱাত সক্ষম হ’ব। শিক্ষাৰ্থীসকলেও ভাল সুযোগ লাভ কৰিব। চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকাসকলে শুভ ফল লাভ কৰিব। মহাদেৱৰ কৃপাত এই ৰাশিৰ জাতক-জাতিকাসকলে ভাল সম্পৰ্ক অৰ্জন কৰিব। পৈতৃক সম্পত্তিৰ পৰাও লাভৱান হ’ব পাৰিব। ব্যৱসায়ীসকলে এই সময়ত নতুন পৰিকল্পনা হাতত ল’ব পাৰে। চৰকাৰী কোনো কামত এপ্লাই কৰিলে সফলতা পাব। কোনো সম্পত্তি বা নতুন যানবাহন ক্ৰয়ৰ ইচ্ছা থাকিলে এই সময়ত ল’ব পাৰে।
তুলা ৰাশি
তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শাওন মাহ বহু উপকাৰী। এই সময়ত ভগৱান শিৱৰ কৃপাত, অপূৰ্ণ ইচ্ছাসমূহ লাহে লাহে পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰত ব্যক্তিৰ উন্নতিৰ যোগ। এই সময়ত মনত ধৰ্মীয় চিন্তা আহিব। তুলা ৰাশিৰ জাতকসকলে শশুৰৰ ঘৰৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। সন্তানৰ উন্নতি হ’ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব।
ধনু ৰাশি
শাওন মাহত ধনু ৰাশিৰ জাতকসকলে ভগৱান শিবৰ কৃপা লাভ কৰিব। জীৱনত ইতিবাচকতা বৃদ্ধি পাব। এই সময়ত আৰ্থিক লাভৰ নতুন উৎস পোৱা যাব। মহাদেৱৰ আশীৰ্বাদত পৰিয়ালত সুখ শান্তিৰ পৰিবেশ গঢ়ি উঠিব। শাওন মাহত ভগৱান শিৱ আৰু পাৰ্বতীৰ পূজা কৰিলে দাম্পত্য জীৱন সুখকৰ হ’ব। এই সময়ত ব্যৱসায়ীসকলো সফল হ’ব।
মীন ৰাশি
মীন ৰাশিৰ জাতকসকলৰ বাবে শাওন মাহ অনুকূল হ’ব। ভগৱান শিৱৰ আশীৰ্বাদত আপুনি বিদেশ ভ্ৰমণত যোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰতো উন্নতিৰ যোগ। অৰ্থ উপাৰ্জনত সফল হ’ব। শিৱৰ কৃপাতেই সপোনে সফলতা লাভ কৰিব। যান বাহন ক্ৰয় কৰিম ভাৱিলে সফল হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ