অসম লাইভ ২৪ঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবীত ৰাভা সংগঠনৰ বিশাল প্ৰতিবাদ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী।
কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থা, কোকৰাঝাৰ জিলা মহিলা পৰিষদ, কোকৰাঝাৰ জিলা উন্নয়ন পৰিষদ দাবী কমিটি আৰু ৰাভা জাতীয় পৰিষদৰ উদ্যোগত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত কোকৰাঝাৰ জিলাৰ কচুগাঁৱত বিশাল প্ৰতিবাদ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।
উক্ত কাৰ্যসূচীত কচুগাঁৱৰ লাব্ৰাবজাৰৰ পৰা সংগঠন কেইটাৰ এক বিশাল প্ৰতিবাদী দলে ৯.৩০ বজাৰ পৰা প্ৰায় এক ঘণ্টা সময় ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ