অসম লাইভ২৪ঃ ঝাৰখণ্ডৰ চাহেবগঞ্জত সংঘটিত হৈছে এই ঘটনা। ১৪ বছৰৰ আগতে ঝাৰখণ্ডৰ কানহায় পণ্ডিত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছতে পত্নীয়ে নাৰ্ছিং পঢ়িবলৈ মন কৰিলে। পত্নীৰ মন ৰাখিবলৈ কষ্ট কৰি গল স্বামীয়ে। পত্নীক ANM পঢ়োৱাৰ সকলো ব্যৱস্থা কৰিলে স্বামীয়ে। যাৰ ফলত জামছেদপুৰৰ নাৰ্ছিং কলেজৰ ANMত ছীট পায় পত্নীয়ে। আৰু লাখ লাখ টকা খৰচ কৰি পত্নীক পঢ়োৱাই কানহায়া পণ্ডিতে। আৰু অৱশেষত জোমাভাটি নাৰ্ছিং হোমত চাকৰি পালে পত্নীয়ে।
আনহাতে স্বামী কানহাই পণ্ডিতে আৰ্থিক সমস্যাৰ বাবে ২০১৯ চনত উপাৰ্জন কৰিবলৈ গুজৰাটলৈ যায়। তাত তেওঁ দুবছৰতকৈও অধিক সময় থাকিল। পিছে যেতিয়া তেওঁ কৰোণাৰ সময়ত ঘৰলৈ আহিব বিচাৰিছিল, পত্নীয়ে তেতিয়া তেঁওক ঘৰলৈ অহাৰ বাবে বাধা দিয়ে । পত্নীৰ কথা মানি স্বামীও গুজৰাটতে থাকে।
পিছে এবাৰ হোলীত ঘৰলৈ আহি আচৰিত হ’ল স্বামী। কানহাই পণ্ডিতৰ মতে, চাকৰি কৰাৰ পিছতে তেওঁৰ পত্নীৰ আচৰণ সলনি হৈছে। তাই প্ৰায়ে দিন-ৰাতি কৰ্তব্যৰ নামত ঘৰৰ বাহিৰতে থাকে। আমাৰ মাজত স্বামী আৰু পত্নীৰ দৰে কোনো সম্পৰ্ক নোহোৱা হৈছিল। লাহে লাহে স্বামীয়ে সন্দেহ কৰিবলৈ ধৰিলে যে তেওঁৰ পত্নীয়ে এতিয়া আৰু তেওঁৰ সৈতে আৰু সম্পৰ্ক ৰাখিব নিবিচাৰে। ইয়াৰ মাজতে পত্নীয়ে তেওঁৰ ১০ বছৰীয়া পুত্ৰৰ সৈতে তেওঁৰ মাতৃগৃহলৈ যায় আৰু উভতি নাহে। ২০২৩ চনৰ ১৪ এপ্ৰিলত তেঁওলোকৰ অন্তিম বাৰ্তালাপ হয়। বাৰে বাৰে পত্নীৰ লগত কানহাই কথা পাতিব বিচাৰে যদিও কথা পাতিবলৈ মান্তি নহয় পত্নী।
পত্নীৰ উদাসীনতাত অতিষ্ঠ হৈ, এতিয়া কানহায়া পণ্ডিতে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰিছে আৰু ন্যায়ৰ বাবে অনুৰোধ কৰিছে। তেওঁ চাহিবগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত পত্নী কল্পনা কুমাৰী, শহুৰেক ৰাজকিশোৰ পণ্ডিত, শাহু জয়ন্তী দেৱী, ভায়েক ধৰ্মেন্দ্ৰ পণ্ডিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায় আৰু উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ