অসম লাইভ২৪ঃ তামৰ পাত্ৰত পানী খোৱা স্বাস্থ্যৰ পক্ষে ভাল বুলি বহুতেই ধাৰণা কৰে। একাংশই নিশা তামৰ পাত্ৰত পানী থৈ পুৱা খালী পেটত সেই পানী পান কৰে। এনেকৈ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাই বুলি বহুতেই ভাবে। কিন্তু এই দাবী কিমান দূৰ সত্য? তামৰ পাত্ৰত থোৱা পানী খালে শৰীৰৰ কি কি উপকাৰ হয়?
তাম এবিধ জৰুৰী মিনাৰেল। এই খনিজ দেহৰ একাধিক গুৰুত্বপূৰ্ণ কামত সহযোগিতা কৰে। আনকি মস্তিষ্কৰ বিকাশৰ পৰা আৰম্ভ কৰি ইমিউনিটি বঢ়োৱাতো এই মিনাৰেলে কাম কৰে। এটা গৱেষণাত পোৱা গৈছে যে তামৰ বেক্টেৰিয়ানাশক ক্ষমতাও আছে।
তামৰ পাত্ৰত গোটেই নিশা পানী ৰখাটো উচিত নে?
শৰীৰৰ প্ৰতিটো খনিজ এটা নিৰ্দিষ্ট মাত্ৰাত থাকিলেহে শৰীৰৰ উপকাৰ হয়। নিয়মিত চাহিদাৰ তুলনাত বেছি পৰিমানে এই খনিজ দেহত প্ৰৱেশ কৰিলে কিন্তু শৰীৰত ক্ষতিৰ আশংকা থাকে। তামৰ পাত্ৰত নিশাটো পানী থৈ সেই পানী খালে ক্ষতি হোৱাৰহে সম্ভাৱনা থাকে। এইক্ষেত্ৰত অতিৰিক্ত তাম দেহত প্ৰৱেশ কৰাৰ কাৰণে কপাৰ টক্সিছিটি তৈয়াৰ হয়। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰামতে প্ৰতিদিনে ১০ মিলি গ্ৰামতকৈ বেছি তাম দেহত প্ৰৱেশ কৰিলে একাধিক জটিল ৰোগ হোৱাৰ আশংকা বাঢ়ি যায়।
চিৰোছিচ হ’ব পাৰে
তামৰ পাত্ৰত জলপাৱ খালে শৰীৰৰ কিছু ক্ষতি হ’ব পাৰে। চিকিৎসকে জনোৱা অনুসৰি তামৰ পাত্ৰত পানী থৈ পুৱা সেৱন কৰিলে লিভাৰৰ ৰোগৰ আশংকাও বাঢ়ি যায়। গ্ৰেড থ্ৰি ফেটি লিভাৰৰ আশংকা বাঢ়ি যায়। লিভাৰ সুস্থ কৰি ৰাখিবলৈ তামৰ পাত্ৰত নিশা থোৱা পানী খোৱাৰ পৰা বিৰত থকাই ভাল।
কিডনীৰ ক্ষতি হ’ব পাৰে
যদি কোনো ব্যক্তি ক্ৰনিক কিডনি ৰোগত আক্ৰান্ত হৈয়েই থাকে তেন্তে তেওঁলোকেও এনেদৰে নিশা তামৰ পাত্ৰত পানী থৈ পুৱা সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। সাধাৰণতে ডায়বেটিছ আৰু হাইপাৰটেনছনৰ বাবেই কিডনিৰ ৰোগে দেখা দিয়ে। কেৱল এই দুই অসুখৰ বাবেই নহয় শৰীৰত অত্যাধিক পৰিমানে তাম জমা হ’লেও কিডনিত প্রভাৱ পৰে।
কাঁচৰ পাত্ৰই প্ৰধান বিকল্প
মানৱ দেহত তামৰ চাহিদা খাদ্যৰ মাজেৰেই পূৰ কৰিব পাৰি। সেয়ে পৃথককৈ শৰীৰ তামৰ পাত্ৰত পানী থৈ নাখালেও হয়। বৰং সুস্থ হৈ থাকিবলৈ ষ্টিল বা কাঁচৰ পাত্ৰত পানী খাব পাৰে। বিভিন্ন জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কাঁচৰ পাত্ৰত পানী খোৱাই মংগল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ