অসম লাইভ২৪ঃ ৰথ উপলক্ষ্যে জগন্নাথ মন্দিৰত পূজা কৰিবলৈ উপস্থিত হৈছিল ৰাষ্ট্ৰপতি। মূল ভৱনত প্ৰৱেশ নকৰি বাহিৰৰ পৰাই প্ৰভুক সেৱা জনোৱাৰ ফটো নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে বাহিৰৰ পৰাই জগন্নাথৰ সেৱা জনোৱাৰ বিপৰীতে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কিন্তু মূল প্ৰৱেশ গৃহৰ ভিতৰত সোমাই সেৱা লয়। মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ ফটোক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ।
ছবিখনক লৈ একাংশ নেটিজেনৰ প্ৰশ্ন, দলিত হোৱাৰ কাৰণেই মন্দিৰৰ গৰ্ভগৃহত সোমোৱাৰ অনুমতি দিয়া নহ’ল নেকি ৰাষ্ট্ৰপতিক? বিতৰ্ক আৰম্ভ হ’লেও প্ৰকৃত সত্য কি? ৰাষ্ট্ৰপতি গৰ্ভগৃহত সোমাব নোৱাৰাৰ আঁৰত আছে নেকি অন্য কিবা কাৰণ?
জগতৰ নাথ জগন্নাথ। জাতি ধৰ্ম নিৰ্বিশেষে তেওঁক দৰ্শন কৰাৰ অধিকাৰ সকলোৰে আছে। সেয়ে দেশৰ ৰাষ্ট্ৰপতিৰো সেই স্থানত প্ৰৱেশ কৰাৰ অধিকাৰ সম্পূৰ্ণৰূপেই আছে। দেশৰ অন্য মন্ত্ৰীসকলে গৰ্ভগৃহত প্ৰৱেশ কৰি সময়ে সময়ে সেৱা লয়। ৰথৰ প্ৰথমদিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূও জগন্নাথ মন্দিৰত সেৱা ল’বলৈ গৈছিল। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতেই ভক্তিভাৱেৰে পূজা অৰ্চনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। পূজাৰ পৰা উভতি আহি নিজেই জগন্নাথ যোৱাৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰে। পোষ্টটোৰ জৰিয়তে তেওঁ দেশৰ প্ৰতিগৰাকী লোকক ৰথযাত্ৰাৰ শুভেচ্ছাও জনাইছিল।
কিন্তু ছবিখনত দেখা গৈছিল যে ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰৰ গৰ্ভগৃহৰ বাহিৰত ৰৈ সেৱা জনাইছে। পোনতে কোনোৱে ছবিখন বিতৰ্কৰ দৃষ্টিৰে চোৱা নাছিল। কিন্তু সমস্যা তেতিয়া বাঢ়িল যেতিয়া কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জগন্নাথ মন্দিৰৰ গৰ্ভগৃহত সেৱা জনোৱাৰ ফটো আপলোড কৰে। দুয়োখন ছবি একেলগ কৰি বহুতেই বিতৰ্ক কৰিছে। বহুতেই প্ৰশ্নও কৰিছে, ৰে’লমন্ত্ৰীয়ে গৰ্ভগৃহত সোমোৱাৰ অনুমতি পালে কিন্তু ৰাষ্ট্ৰপতিয়ে কিয় এই অনুমতি নাপালে? এই বিষয়টোক লৈ সৰব হৈ পৰে কেইবাটাও দলিত সংগঠনো। দুখন ছবি একলগ কৰি বিতৰ্ক কৰিলেও এয়া অনাহক বিতৰ্ক বুলি প্ৰকাশ কৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
দেশৰ আগশাৰীৰ এটা সংবাদমাধ্যমত বিষয়টোক লৈ সম্পূৰ্ণ বাখ্যা দিয়ে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অশ্বিনী বৈষ্ণৱে কয়, ‘ৰাষ্ট্ৰপতিয়ে নিজেই সেইদিনা গৰ্ভগৃহত প্ৰৱেশ কৰা নাছিল। দিল্লীৰ সেই জগন্নাথ মন্দিৰত দিনৰ এটা নিৰ্দিষ্ট সময়তহে প্ৰৱেশ কৰিব পাৰি। সেয়াও মাত্ৰ ৩০মিনিট সময়ৰ বাবেহে। ইয়াৰোপৰি কোনো সাধাৰণ ভক্ত মন্দিৰৰ গৰ্ভগৃহত সোমাব নোৱাৰে। ভাগ্যক্ৰমেহে আমি সেইদিনা সোমাবলৈ সুযোগ পালো। ৰাষ্ট্ৰপতি পুৱা খুব সোনকালেই তালৈ গৈছিল। নিয়মমতে সেই সময়ত গৰ্ভগৃহৰ দুৱাৰ খোলা নহয়। ৰাষ্ট্ৰপতি হিচাপে তেওঁক সোমাবলৈ দিব পাৰিলহেতেন। কিন্তু ৰাষ্ট্ৰপতিয়ে নিজেই নিয়ম নাভাঙিবলৈ কয়। বাহিৰৰ পৰাই সেৱা জনাই উভতি আহে।’
গৰ্ভগৃহৰ বাহিৰত ৰৈ পূজা কৰোতে তেওঁৰ লগত আছিল দুজনকৈ পুৰোহিত। ইপিনে ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি তেওঁৰ কাষলৈ অহাত বাধা আছে। সেয়ে দুৰৈৰ পৰাই দুই পুৰোহিতে পূজা কৰিছিল। ৰে’লমন্ত্ৰীয়ে জনোৱামতে তেওঁ নিজেও ৰাষ্ট্ৰপতিৰ কাষলৈ যাবলৈ সুযোগ পোৱা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ