অসম লাইভ২৪ঃ মোদীৰ টকাই টকা! প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ধন সম্পত্তিক লৈ মাজে মাজে চৰ্চা হয়৷ শেহতীয়াকৈ মোদীৰ অধিবক্তাই কিনা এটা বাংলোক লৈ সমগ্ৰতে চৰ্চা চলিছে৷ দিল্লীৰ এটা অতি বিলাসী অঞ্চলত ১৬০ কোটি টকাত বাংলো কিনিছে মোদীৰ অধিবক্তাই৷
বসুধা ৰোহটগী নামৰ অধিবক্তাগৰাকী মোদীৰ অন্যতম ঘনিষ্ঠ ব্যক্তি৷ তেওঁ প্ৰাক্তন এটৰ্নী জেনেৰেলৰ পত্নী। সকলোৰে চিনাকি এইগৰাকী প্ৰাক্তন এটৰ্নী জেনেৰেল হৈছে মুকুল ৰোহটগী। দিল্লীৰ গলফ লিংকছ এলেকাত বাংলো ক্ৰয় কৰিছে অধিবক্তাগৰাকীয়ে। বাংলোটো নিৰ্মাণ কৰা এলেকাত মাটি আছে ১৮৬৯.৭ বৰ্গমিটাৰ।
মুকুল ৰোহাটগীয়ে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ভাৰতৰ দ্বাদশ এটৰ্নী জেনেৰেল। অৱশ্যে ২০১৭ চনৰ পাছতো তেওঁক দায়িত্বত থাকিবলৈ অনুৰোধ কৰা হৈছিল যদিও তেওঁ আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁৰ ঠাইত কে কে ভেনুগোপালক নিযুক্তি দিয়া হয়। ৰোহাটগী এতিয়া উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ