অসম লাইভ ২৪ঃ কেইবাদিনো ধৰি স্বামীক যৌন সম্পৰ্কৰ বাবে অস্বীকাৰ কৰাটো মানসিক নিৰ্যাতন। এই কথা ঘোষণা কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে এহাল দম্পত্তীৰ বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে।
উল্লেখ্য যে, গোচৰটোৰ লগত জড়িত স্বামী ৰবীন্দ্ৰ প্ৰতাপ যাদৱৰ মতে তেওঁৰ পত্নী আশা দেৱীৰ বৈবাহিক বন্ধনৰ প্ৰতি কোনো সন্মান নাই আৰু বৈবাহিক দায়িত্বসমূহ পালন কৰিবলৈ প্ৰায়ে অস্বীকাৰ কৰে। যাৰ ফলত এতিয়া তেওঁলোকৰ বিয়া সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ উপক্ৰম হৈছে।
তাৰ ফলস্বৰূপে, পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল স্বামী। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ চতুৰ্থ বিচাৰপীঠে কয় যে দীৰ্ঘদিন ধৰি পত্নীয়ে কোনো কাৰণ অবিহনে স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰাতো মানসিক নিৰ্যাতনৰ সমান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ